নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ লকডাউন অব্যাহত থকাৰ সময়তে দেশৰ লগতে বিশ্ববাসীৰ জীৱনলৈ অহা পৰিৱর্তনৰ ওপৰত গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ লিংক্ডইনত প্রধানমন্ত্রী মোদীয়ে ক’ভিড–১৯ আৰু জীৱনক লৈ কয়– শতিকাটোৰ তৃতীয় দশকটোৰ আৰম্ভণি উত্থান–পতনেৰে চলিছে৷ ক’ভিড–১৯এ অনেক বাধাৰ সৃষ্টি কৰিছে৷ ক’ৰোনা ভাইৰাছে তাৎপর্যপূর্ণভাৱে পেছাগত জীৱনৰ ধাৰণা সলনি কৰিছে৷ ক’ভিড–১৯ৰ যুগত পৰিৱর্তিত হৈছে জীৱন৷ গৃহই হৈছে নতুন কার্যালয়৷ সহকর্মীৰ সৈতে কার্যালয়ৰ জিৰণি ইতিহাস হ’বলৈ গৈছে৷ এই সময়ছোৱাত যুৱৰ দেশ হিচাপে উদ্ভাৱনী শক্তিৰ দ্বাৰা নতুন কর্মসংস্কৃতিৰ নেতৃত্ব ল’ব ভাৰতে৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ক’ভিড–১৯এ জাতি, ধর্ম, বর্ণ, ধর্ম বিশ্বাস, ভাষা আৰু কোনো সীমাক নির্ধাৰণ কৰি সংক্রমণ নকৰে৷ এই সময়ত আমাৰ ভাইৰাছক লৈ যুঁজৰ সমর্থন আৰু আচৰণ জড়িত হৈ আছে ঐক্য আৰু ভাতৃত্ববোধৰ লগত৷ আমি এই সময়ত একেলগে আছোঁ৷ ডিজিটেল লেনদেনক প্রাধান্য দি প্রধানমন্ত্রী মোদীয়ে সৰু–বৰ বিপণীক ডিজিটেল সঁজুলি ব্যৱহাৰত গুৰুত্ব দিয়া উচিত বুলি কয়৷ এই সংকটৰ সময়ত বাণিজ্যক বর্তাই ৰাখিবলৈ ডিজিটেল লেনদেনৰ অধিক প্রয়োজন বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ইতিমধ্যে ভাৰতে ডিজিটেল লেনদেনক উৎসাহিত কৰিছে৷