নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিকত্ব আইনৰ বিৰুদ্ধে আবেদনৰ প্ৰথম শুনানি বুধবাৰে

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ৰাজ্যবাসীৰ ধাৰাবাহিক আন্দোলনৰ পাছতো নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰাক কেন্দ্ৰ কৰি আগ্নিগৰ্ভা হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি । ৰাজপথৰ ব্যাপক আন্দোলনক গুৰুত্ব প্ৰদান নকৰি নাগৰিকত্ব সংশোধনী আইন (কা) বলৱৎ কৰাৰ বিৰুদ্ধে এইবাৰ অসমবাসীৰ যুঁজ আৰম্ভ হ’ব ন্যায়ালয়ৰ মজিয়াত ।

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে একাধিক ব্যক্তি এই আইনখনৰ বিৰুদ্ধে দ্বাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ৷ অসাংবিধানিক আৰু সাম্প্রদায়িক বুলি বিভিন্নজনে আখ্যা দিয়া আইনখন সন্দর্ভত এতিয়া উচ্চতম ন্যায়ালয়েই ভৰসা হৈ পৰিছে অসমবাসীৰ বাবে ৷ অহা ১৮ ডিচেম্বৰত ‘কা’ৰ বিৰুদ্ধে দাখিল কৰা আবেদনসমূহৰ প্রথম শুনানি গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ সোমবাৰে দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে নেতৃত্বাধীন খণ্ড বিচাৰপীঠে ১৮ ডিচেম্বৰত শুনানি গ্রহণ কৰিব বুলি প্রকাশ কৰে ৷

উল্লেখ্য যে কংগ্রেছৰ জ্যেষ্ঠ নেতা আৰু অধিবক্তা অভিষেক মনু সিংভীয়ে ‘কা’ৰ বিৰুদ্ধে দাখিল হোৱা আবেদনসমূহৰ জৰুৰী শুনানি গ্রহণ কৰিবলৈ প্রার্থনা জনাইছিল ৷ একেদৰে সদৌ অসম ছাত্র সন্থাৰ অধিবক্তায়ো বিষয়টোৰ গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি আবেদনসমূহৰ জৰুৰী শুনানিৰ প্রসংগ ন্যায়ালয়ৰ মজিয়াত উত্থাপন কৰে ৷ ইয়াৰ পাছতে মুখ্য ন্যায়াধীশ ব’বডেই অহা ১৮ ডিচেম্বৰত শুনানি গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰে ৷ লক্ষণীয় যে এই আইনখন বাতিলৰ দাবীৰে অসমৰ দল–সংগঠন আৰু ব্যক্তিৰ লগতে দেশৰ আন কেইবাটাও দল–সংগঠন দ্বাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ ৷

আইনখন বলৱৎ হোৱাৰ দিনাই আবেদন দাখিল কৰিছিল সদৌ অসম ছাত্র সন্থাই ৷ ইয়াৰ পাছত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, অগপ, আহোম সেনা, সদৌ অসম সন্মিলিত মহাসংঘ, সদৌ অসম উকীল সন্থা, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, ড০ হীৰেন গোহাঁইসহ বিশিষ্ট ব্যক্তি, বিধায়িকা অজন্তা নেওগৰ নেতৃত্বত অসম কংগ্রেছৰ এটা ১১জনীয়া বিধায়কৰ দল, বিৰোধী দলপতি দেৱব্রত শইকীয়া, সাংসদ আব্দুল খালেকসহ বিধায়ক ৰূপজ্যোতি কুর্মীয়েও উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে ৷

একেদৰে কংগ্রেছৰ জয়ৰাম ৰমেশ, তৃণমূলৰ মহুৱা মিত্র, এআইএমআইএমৰ আছাদুদ্দিন ওৱেছি, প্রাক্তন ৰাষ্ট্রদূত দেৱ মুখার্জীকে ধৰি বহুকেইজন ব্যক্তিয়ে আইনখনৰ বিৰোধিতা কৰি আবেদন দাখিল কৰিছে ৷ সোমবাৰে নতুন দিল্লীত উপস্থিত হোৱা সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত কয় যে জাতিধ্বংসী এই আইনখন অসমৰ ৰাইজে কোনো কাৰণতে মানি নলয় ৷ সেয়েহে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ স্থগিতাদেশ আৰু পৰৱর্তী সময়ত বাতিল কৰাৰ প্রার্থনাৰে আছু ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷ কংগ্রেছ বিধায়িকা অজন্তা নেওগেও এই আইনখনে দেশৰ সংবিধানৰ লগতে অসম চুক্তি উলংঘা কৰিছে বুলি প্রতিক্রিয়া প্রকাশ কৰে ৷

অসম সন্মিলিত মহাসংঘৰ কার্যকৰী সভাপতি মতিউৰ ৰহমানে ২০১৪ চনলৈকে অহা বিদেশীক নাগৰিকত্ব প্রদান কৰি ৰাজ্যৰ জাতি–জনজাতিসকলক চৰকাৰে ভাগ ভাগ কৰিব বিচাৰিছে বুলি অভিযোগ কৰে ৷ ইপিনে, অগপই আবেদন দাখিল কৰা প্রসংগত কুমাৰ দীপক দাসে কয় যে তেওঁলোকে দুখন আবেদন দাখিল কৰিছে ৷ তৎকালীনভাৱে আইনখন বলৱৎ কৰাৰ ক্ষেত্রত স্থগিতাদেশ দিয়াৰ বাবে ন্যায়ালয়ক প্রার্থনা জনাইছে বুলিও তেওঁ সদৰী কৰে ৷

You might also like