নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰীলৈ সন্মান প্রদর্শনেৰে মোদীয়ে ‘ত্যাগ’ কৰিব ছ’চিয়েল মিডিয়া একাউণ্ট

৮ মার্চৰ নাৰী দিৱসত ফেচবুক, টুইটাৰ, ইনষ্টাগ্রামত নাৰীৰ প্রেৰণাদায়ী কাহিনী শ্বেয়াৰ কৰাৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ সমাগত নাৰী দিৱসত নাৰীৰ প্রতি সন্মান প্রদর্শনেৰে ছ’চিয়েল মিডিয়া ‘ত্যাগ’ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ ছ’চিয়েল মিডিয়া জগতত বিশ্বৰ ভিতৰতে অন্যতম প্রভাৱশালী নেতা হিচাপে পৰিচিত প্রধানমন্ত্রী মোদীয়ে মঙলবাৰে প্রকাশ কৰে যে অহা ৮ মার্চত উদযাপিত হ’বলগীয়া নাৰী দিৱসৰ প্রতি লক্ষ্য ৰাখি তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ প্রেৰণাদায়ী মহিলাসকলৰ বাবে উৎসর্গিত কৰিব বিচাৰে ৷ ‘সমাগত নাৰী দিৱসত মই মোৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ নাৰীসকলৰ বাবে এৰি দিব বিচাৰোঁ, যিসকল নাৰীৰ জীৱন আৰু কর্মৰাজিয়ে আমাক অনুপ্রাণিত কৰে৷ ইয়ে তেওঁলোকৰ উৎসাহ বৃদ্ধিত সহায় কৰিব৷ আপোনালোকেও এইবাৰৰ নাৰী দিৱসত নিজৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্রাম একাউণ্টত তেনে প্রেৰণাদায়ী মহিলাৰ কাহিনী শ্বেয়াৰ কৰক৷’– প্রধানমন্ত্রীয়ে মোদীয়ে এইদৰে কয়৷ উল্লেখ্য, সোমবাৰে নিশা প্রধানমন্ত্রী মোদীয়ে আচম্বিতে ঘোষণা কৰিছিল যে অহা দেওবাৰে তেওঁ ছ’চিয়েল মিডিয়া ত্যাগ কৰিব৷ ইয়াৰ পিছতে সমগ্র দেশৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ্ মাজত ব্যাপক উৎকণ্ঠা আৰু চর্চা আৰম্ভ হয়৷ ছ’চিয়েল মিডিয়াত অত্যন্ত সক্রিয় প্রধানমন্ত্রীয়ে কি লক্ষ্যৰে ফেচবুক, টুইটাৰ, ইনষ্টাগ্রাম আৰু ইউটিউবৰ পৰা আঁতৰি আহিব বিচাৰে, তাক লৈ দেশবাসীৰ মাজত তীব্র উৎসুকতাৰ সৃষ্টি হয়৷ প্রায় ২৪ ঘণ্টাজোৰা এই উৎকণ্ঠাৰ অন্ত পেলাই প্রধানমন্ত্রী মোদীয়ে অৱশেষত আজি ঘোষণা কৰে যে নাৰীৰ প্রতি সন্মান প্রদর্শনেৰে তেওঁ অহা দেওবাৰে ছ’চিয়েল মিডিয়াত বিশেষ অভিযান আৰম্ভ কৰিব ৷

You might also like