নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিদ্ৰাৰত জনগণৰ অগোচৰেই দেশত ৰাজনৈতিক পট পৰিৱৰ্তন …

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ সময় তেতিয়া ৫ বাজি ৪৭ মিনিট । শীতৰ উম লৈ নিদ্ৰামগ্ন সকলো জনগণ , কৰবাত কাৰোবাৰ টোপনি হৰিছে যদিও যেন ভ্ৰূক্ষেপ নাই বহিঃজগতৰ আনবোৰ কথালৈ । শেতেলীত নিদ্ৰাচ্ছন্ন হৈ থকাৰ এই পৰতেই ভাৰতত সংঘটিত হ’ল বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন । মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতা আৰু জল্পনা-কল্পনাৰ ওৰ পেলাই একেখিনি সময়তে শনিবাৰে পুৱা উঠাই দিয়া হৈছিল মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শাসন । আনকি বিজেপি আৰু এনচিপিৰ বাহিৰে কোনো দলেই জ্ঞাত নাছিল এই সম্পৰ্কে । ৰাষ্ট্ৰ মন্ত্ৰালয়ৰ জাননী অনুসৰি কোৱা হৈছে যে, ১২ দিন ধৰি মহাৰাষ্ট্ৰত বৰ্তি থকা ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । ২৩ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই প্ৰক্ৰিয়া ।

এই জাননী জাৰি হোৱাৰ পাচতে অৰ্থাৎ শনিবাৰে পুৱা ৮.১০ বজাত ৰাজ্যপাল ভগত সিং কোশাৰিয়াৰ ভৱনত মহাৰাষ্ট্ৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে দেৱেন্দ্ৰ ফাড়নাৱিছে । দেৱেন্দ্ৰ ফাড়নাৱিছৰ লগতে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে এনচিপিৰ বিধায়ক অজিত পাৱাৰে । উল্লেখ্য যে, যোৱা বাৰদিন ধৰি ৰাষ্ট্ৰপতি শাসন চলি থকা মহাৰাষ্ট্ৰত শুকুৰবাৰে কংগ্ৰেছ, শিৱসেনা আৰু এনচিপিৰ মাজত হোৱা বৈঠকত পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে উদ্ধৱ থাকৰেৰ নাম চূড়ান্ত হৈছিল । এই বৈঠকৰ বাৰ ঘণ্টা পাৰ নৌহওঁতেই বিজেপিয়ে এনচিপিৰ সহায়ত চৰকাৰ গঠন কৰাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ আৰু শিৱসেনা ।

You might also like