নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ সকলো আইনী পথ বন্ধ হ’ল নিৰ্ভয়া কাণ্ডৰ ফাঁচীৰ ৰায়প্ৰাপ্ত মুকেশ সিঙৰ । সোমবাৰে মুকেশৰ মৃত্যুদণ্ডৰ ৰায় সংশোধনৰ আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে । ২০ মাৰ্চৰ ফাঁচী স্থগিত কৰাৰ বাবে যি আবেদন কৰিছিল অৱশেষত সেই আবেদনো বাতিল কৰে ন্যায়ালয়ে ।
উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি, ‘মুকেশ সিঙে যি প্ৰাণভিক্ষাৰ আবেদন কৰিছিল সেই আবেদন খাৰিজ কৰা হৈছে । ফাঁচী কাৰ্যকৰী কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে । এতিয়া আৰু কোনোধৰণৰ পথ খোলা নাই ।’
উল্লেখ্য যে, ২০১২ চনৰ নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ বাবে ৪ জনক ফাঁচীৰ ৰায় দিছিল আদালতে । কিন্তু আইনী জটিলতাৰ বাবেই দিনৰ পাচত পিছুৱাই থকা হৈছে ফাঁচীৰ দিন । ইতিমধ্যে প্ৰতিজন দোষীৰ ক্ষেত্ৰতেই মৃত্যুদণ্ডৰ ৰায় সংশোধনৰ ৰাস্তা বন্ধ হৈ পৰিছে । চতুৰ্থ দোষী পৱন গুপ্তাৰ প্ৰাণ ভিক্ষাৰ আবেদন খাৰিজ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ।
ইয়াৰ পাচতেই এতিয়া আগন্তুক ২০ মাৰ্চ তাৰিখে চাৰিওজন দোষীকেই ফাঁচীকাঠত ওলমোৱাৰ দিন নিশ্চিত হৈ পৰিছে ।