কা আৰু এন আৰ চিয়ে সহায় কৰিব উদ্যোগপতিকঃ গান্ধী
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধে ৰাহুল গান্ধীয়ে শনিবাৰে পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰে। কংগ্ৰেছৰ ১৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি মোডীক কটাক্ষ কৰি কয় যে কা আৰু এন আৰ চি নোটবন্দীৰ ২.০ সংস্কৰণ । লগতে উল্লেখ্য যে কা আৰু এন আৰ চিৰ জৰিয়তে চৰকাৰে দুখীয়া লোকক পুনৰ শাৰীত থিয় কৰাব বিচাৰিছে আৰু নিজৰ ১৫ জন উদ্যোগী বন্ধুক সহায় কৰিব বিচাৰিছে। কাৰণ দুখীয়া মানুহক নিজৰ নথিপত্ৰ দেখুৱাবলৈ বাধ্য কৰাব, কিন্তু উদ্যোগপতি সকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহব।
উল্লেখ্য যে কংগ্ৰেছে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশজুৰি দলটোৱে এন আৰ চি আৰু কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।