নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰৱেৰ মহিলাক ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা ২৮ বাৰ্তাঃ কেৰালাৰ কোচিত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বা ‘কা’ৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰাৰ পিছত নতুন দিল্লী প্রশাসনে ভাৰত এৰাৰ নির্দেশ দিছে নৰৱেৰ ৭৪ বছৰীয়া এগৰাকী মহিলাক৷ দুমাহ পূর্বে পর্যটকৰ ভিছা লৈ নৰৱেৰ পৰা আহি ভাৰতত উপস্থিত হৈছিল জানে মেট্টে–জোহানছন নামৰ মহিলাগৰাকীয়ে৷ মহিলাগৰাকীক বৈদেশিক আঞ্চলিক পঞ্জীয়ন কার্যালয় (এফ আৰ আৰ অ’)ৰ তৰফৰ পৰা চমন জাৰি কৰি বিভিন্ন ধৰণৰ প্রশ্ণ কৰা হয়৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে ভিছাৰ নিয়ম উলংঘা কৰা বুলি অভিযোগ তুলি এফ আৰ আৰ অ’ৰ তৰফৰ পৰা শীঘ্রে ভাৰত ত্যাগ কৰিবলৈ নির্দেশ জাৰি কৰিছে৷ সংবাদ সংস্থা পিটিআইৰ প্রতিবেদন অনুসৰি আজি জোহানছনে ফেচবুক পোষ্টত সকলোকে ধন্যবাদ জনাই ভাৰত এৰিব বুলি প্রতিশ্রুতি দিছে৷ ইয়াৰ পূর্বে জার্মানীৰ শিক্ষার্থী এগৰাকীকো ‘কা’বিৰোধী প্রতিবাদত অংশগ্রহণৰ বাবে দেশ এৰিবলৈ নির্দেশ দিয়া হৈছিল৷

You might also like