নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবত ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়া

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ পঞ্জাবত আপ চৰকাৰৰ এমাহ পূর্তিৰ দিনাই ৰাজ্যবাসীলৈ সুখবৰ দিলে মুখ্যমন্ত্রী ভগৱন্ত মানে৷ নির্বাচনী প্রতিশ্রুতি অনুসৰিয়েই পঞ্জাববাসীলৈ ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্রদান কৰা হ’ব বুলি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্রী মানে৷ নতুন দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰৰ নমুনাৰে নির্বাচনী প্রতিশ্রুতি অনুসৰি পঞ্জাবতো ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰাৰ ঘোষণা কৰে মুখ্যমন্ত্রী মানে৷ উল্লেখ্য যে যোৱা ১০ মার্চত পঞ্জাব বিধানসভা নির্বাচনত শাসকীয় কংগ্রেছক উৎখাত কৰি ১১৭জনীয়া বিধানসভাৰ ৯২খন আসন লাভ কৰিছিল আপে৷

You might also like