নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশুমেলাত অভিলেখ! এটা ম’হৰ দাম উঠিল ১৫ কোটি টকা

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: যুৱৰাজ ৩২বাৰ ভাৰত চেম্পিয়ন৷ ভাতৃ শূৰবীৰো ১০বাৰ চেম্পিয়ন৷ ভাতৃতকৈ ককায়েকৰ খিতাপ বহু বেছি৷ কিন্তু দামৰ দিশৰ পৰা ককায়েক যুৱৰাজক বহু পিছ পেলাই গৈছে শূৰবীৰে৷ এয়া কোনো সহোদৰ মানৱ সন্তান নহয়৷ যুৱৰাজ আৰু শূৰবীৰ হৈছে দুটা ম’হ৷ এটাৰ দাম ১০ কোটি টকা আৰু আনটোৰ দাম ১৫ কোটি টকা৷ যি দামত এখন বি এম ডব্লিউ বা মার্চিডিজ গাড়ী ক্রয় কৰিব পৰা যায়, তাতকৈও বেছি দাম এই ম’হ দুটাৰ৷

শেহতীয়াকৈ উত্তৰ প্রদেশৰ মুজফফৰনগৰত এক পশুমেলা আয়োজন কৰা হৈছিল৷ এই মেলাত শূৰবীৰক লৈ হাজিৰ হৈছিল তাৰ পালক৷ হাৰিয়ানাৰ কুৰুক্ষেত্রৰ বাসিন্দা অর্জুন সিং৷ পশুমেলালৈ পোহনীয়া ম’হ শূৰবীৰক লৈ আহিছিল অর্জুন সিঙে৷ তাত প্রতিযোগিতাত ‘বেষ্ট এনিমেল অৱ দ্য শ্বো’ আৰু ‘বেষ্ট এনিমেল অৱ দ্য ব্রীড’ খিতাপ লাভ কৰে শূৰবীৰে৷

এই মেলাত শূৰবীৰৰ দাম উঠে ১৫ কোটি টকা৷ অর্জুন সিঙে উল্লেখ কৰা অনুসৰি শূৰবীৰৰ পিতৃৰ নাম যোগৰাজ আৰু মাতৃৰ নাম গংগা৷ দুই ভাতৃ যুৱৰাজ আৰু শূৰবীৰক লৈ গর্বিত পালক অর্জুন সিং৷ মুজফফৰপুৰত শ্রেষ্ঠ পশুৰ খিতাপ জিকা বাবে শূৰবীৰৰ পালক অর্জুনে ৭.৫ লাখ টকা লাভ কৰে আয়োজকসকলৰ তৰফৰ পৰা৷ অর্জুনে উল্লেখ কৰা অনুসৰি শূৰবীৰৰ ইমান দাম উঠাৰ মূল কাৰণ হৈছে তাৰ বীর্য৷ শূৰবীৰৰ বীর্যৰ চাহিদা যথেষ্ট বেছি হোৱা বাবে তাৰ দাম ১৫ কোটি টকালৈ উঠে৷ প্রতিমাহে শূৰবীৰৰ বীর্য বিক্রী কৰি কেইবালাখো টকা উপার্জন কৰে অর্জুন সিঙে৷

You might also like