নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত দুর্বৃত্তৰ গির্জা আক্রমণ, তিনিজনক গ্রেপ্তাৰ

পশ্চিমবংগত গির্জা আক্রমণ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ পশ্চিমবংগৰ পূব মিডনাপুৰ জিলাত আজি উন্মত্ত জনতাই এটা গির্জাৰ ক্ষতি কৰা ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ জিলাখনৰ ভগৱানপুৰত সংঘটিত হৈছে এই ঘটনা৷ বিভিন্ন শ্লোগান দি উন্মত্ত জনতাই গির্জাটোত আক্রমণ চলায় বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ এই ঘটনাৰ পিছতে গির্জা কর্তৃপক্ষই ইয়াত বিজেপিৰ কর্মী তথা সমর্থক জড়িত থকা বুলি অভিযোগ কৰিছে৷ কিন্তু বিজেপিয়ে এই অভিযোগ অস্বীকাৰ কৰি ইয়াত শাসকীয় তৃণমূল কংগ্রেছৰ হাত থকা বুলিহে মন্তব্য কৰিছে৷ বিজেপিক জনমানসক হেয় কৰিবলৈ শাসকীয় তৃণমূল কংগ্রেছৰ কর্মী তথা সমর্থকে গির্জাটোৰ ক্ষতি কৰা বুলি পশ্চিমবংগ বিজেপিয়ে অভিযোগ কৰিছে যদিও মমতা বেনার্জী চৰকাৰে দুষৃকতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি হুংকাৰ দিছে৷ ইতিমধ্যে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি এই ঘটনা সন্দর্ভত তিনিজন লোকক গ্রেপ্তাৰো কৰিছে৷ অৱশ্যে গ্রেপ্তাৰ হোৱা লোক তিনিজন বিজেপিৰ কর্মী হয় নে নহয় তাক লৈ কোনোধৰণৰ তথ্য সদৰী কৰা নাই আৰক্ষীয়ে৷