নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ কেৰালা, পঞ্জাৱ, ৰাজস্থানৰ পাচত এইবাৰ পশ্চিমবংগ । সোমবাৰে পশ্চিমবংগ বিধানসভাত গ্ৰহণ কৰা হয় নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰস্তাৱ । সোমবাৰে দুপৰীয়া বিধানসভাত অনুষ্ঠিত আলোচনাৰ অন্তত গ্ৰহণ কৰা হয় এই প্ৰস্তাৱ ।
বিধানসভাত তৃণমূল কংগ্ৰেছৰ মহাসচিব পাৰ্থ চট্টোপাধ্যায়ে উত্থাপন কৰে এই বিশেষ প্ৰস্তাৱ । বিধানসভাৰ অধ্যক্ষই জনায় যে, সংশ্লিষ্ট আইনৰ বাবে দেশত বৰ্তমান অস্থিৰতাই বিৰাজ কৰিছে । বিধানসভাই ইয়াৰ পূৰ্বেও এনআৰচিক লৈ উত্থাপন কৰিছিল এক প্ৰস্তাৱ । ভাৰতীয় নাগৰিক সকলৰ সমস্যা তৈয়াৰ কৰাৰ অভিযোগ কা আৰু এনপিআৰ প্ৰত্যাহাৰৰ দাবী তুলিলে পশ্চিমবংগৰ ৰাজ্যচৰকাৰে ।