পাইকাৰী মুদ্রাস্ফীতি ৩.১ শতাংশলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ ভাৰতৰ বার্ষিক মুদ্রাস্ফীতিৰ হাৰ ক্রমাৎ বৃদ্ধি পাইছে৷ খুচুৰা মুদ্রাস্ফীতি যোৱা জানুৱাৰী মাহত ৭.৫৯ শতাংশলৈ বৃদ্ধি পোৱাৰ পাছত এইবাৰ পাইকাৰী মুদ্রাস্ফীতিও জানুৱাৰী মাহত ৩.১০ শতাংশলৈ বৃদ্ধি পালে৷ যোৱা বছৰ ডিচেম্বৰত পাইকাৰী মুদ্রাস্ফীতিৰ পৰিমাণ আছিল ২.৫৯ শতাংশ৷ বিশেষকৈ নির্মাণ খণ্ডৰ সামগ্রীৰ উৎপাদন ব্যয় বৃদ্ধি আৰু তৈল সামগ্রীৰ সৰবৰাহ ব্যয় বৃদ্ধিৰ বাবেই পাইকাৰী মুদ্রাস্ফীতি বৃদ্ধি পাইছে৷ বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে প্রস্তুত কৰা এই তথ্য অনুসৰি ২০১৯ চনৰ জানুৱাৰীৰ তুলনাত ২০২০ চনৰ জানুৱাৰীত পাইকাৰী মুদ্রাস্ফীতি ২.৭৬ শতাংশলৈ বৃদ্ধি পালে৷ উল্লেখ্য যে যোৱা ১২ ফেব্রুৱাৰীত প্রকাশ পোৱা তথ্য অনুসৰি খুচুৰা মুদ্রাস্ফীতিৰ পৰিমাণ হ’ল ৭.৫৯ শতাংশ৷ ২০১৯ চনত খুচুৰা মুদ্রাস্ফীতিৰ পৰিমাণ আছিল ৭.৩৫ শতাংশ৷ বিশেষকৈ খাদ্য সামগ্রীৰ মূল্যবৃদ্ধিৰ বাবেই বাঢ়িছে খুচুৰা মুদ্রাস্ফীতিৰ হাৰ৷