নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰঃ বিমানবন্দৰ পালেহি গোবিন্দা

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ বলীউডৰ তাৰকাৰে এতিয়া ভৰি পৰিছে মহানগৰী গুৱাহাটী । শুকুৰবাৰে বহুকেইজন চেলিব্ৰেটিয়ে গুৱাহাটীত পদাপৰ্ন কৰাৰ পাচত আজি পুৱাই গুৱাহাটীত উপস্থিত হয়হি বলীউডৰ বিশিষ্ট অভিনেতা গোবিন্দা ।

বিমানবন্দৰৰ পৰা পোনে পোনে সৰুসজাইলৈ যাব লগা গোবিন্দাই সাংবাদিকৰ সৈতে মত বিনিময়ৰ মাজতে অসমৰ ভূমিক প্ৰণাম জনায় । পূৰ্বেও অসমলৈ পূজা-পাৰ্বণৰ বাবে অহা গোবিন্দাই এই অনুষ্ঠানলৈ আহি অত্যন্ত সুখী বুলি উল্লেখ কৰে । পৰিয়ালৰ সৈতে কামাখ্যা দৰ্শন কৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে অভিনেতাগৰাকীয়ে ।

You might also like