নিয়মীয়া বার্তা, ১ জুনঃ পাক অধিকৃত কাশ্মীৰত সকলো সন্ত্রাসবাদী শিবিৰ আৰু ১৫ লঞ্চপেড দুর্ধর্ষ সদস্যৰে ভৰি পৰিছে৷ ইয়াৰ বাবেই ভাৰতীয় ভূমিত সন্ত্রাসবাদীৰ অনুপ্রৱেশৰ সংখ্যা বৃদ্ধি পাইছে৷ এই মন্তব্য ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাজুৰ৷
পাকিস্তানী সেনাই শেহতীয়াভাৱে জম্মু–কাশ্মীৰৰ এল অ’ চিত যুদ্ধবিৰতি উলংঘন অব্যাহত ৰখাৰ ই এক ইংগিত বুলি মন্তব্য কৰিছে লেফটেনেণ্ট জেনেৰেল ৰাজুৱে৷ জম্মু–কাশ্মীৰত ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানস্থিত সন্ত্রাসবাদী সংগঠনৰ সদস্যৰ বিৰুদ্ধে অভিযান চলাই সফলতা অর্জন কৰাৰ পিছতেই পাক অধিকৃত কাশ্মীৰৰ শিবিৰসমূহত সন্ত্রাসবাদীৰ সংখ্যা বৃদ্ধি কৰিছে নিষিদ্ধ সংগঠনসমূহে৷
উল্লেখ্য যে লেফটেনেণ্ট জেনেৰেলগৰাকীয়ে প্রকাশ কৰা মতে, জম্মু–কাশ্মীৰত সন্ত্রাসবাদ দমন কৰি ৰখাৰ লগতে অঞ্চলটোলৈ শান্তি ওভতাই অনাৰ বাবে চিৰবৈৰী ৰাষ্ট্র পাকিস্তানে সহ্য কৰিব পৰা নাই৷ এনে পৰিপ্রেক্ষিততে পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদী গোট খুৱাই এই সন্ত্রাসবাদীসকলে ভাৰতীয় ভূমিত অনুপ্রৱেশৰ সুযোগ চাই আছে৷ যুদ্ধবিৰতি উলংঘনেৰে সন্ত্রাসবাদীক ভাৰতীয় ভূমিত প্রৱেশৰ সুযোগ দিয়ে পাক সেনাই৷ তাৎপর্যপূর্ণ যে গ্রীষ্মকালীন সময়ত সীমান্তৰ সিপাৰৰ পৰা সন্ত্রাসবাদীৰ অনুপ্রৱেশ বৃদ্ধি পায়৷