নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ ৰাছিয়াই মানৱ দেহত ক’ভিড–১৯ৰ ভেকচিনৰ সফলতাৰে পৰীক্ষা সম্পন্ন কৰা বিশ্বৰ প্রথমখন দেশ হিচাপে চিহ্ণিত হোৱাৰ পাছত ভাৰততো আজিৰে পৰা এই ভাইৰাছবিধৰ প্রতিষেধক ছিটাৰ মানৱ দেহত ক্লিনিকেল পৰীক্ষা আৰম্ভ হৈছে৷ পাটনাস্থিত সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানৰ (এইমছ) তৰফৰ পৰা আজিৰে পৰা ১৮গৰাকী ব্যক্তিৰ ওপৰত ক’ভিড–১৯ৰ ভেকচিনৰ পৰীক্ষা আৰম্ভ কৰিছে বিশেষজ্ঞসকলে৷ মানৱ শৰীৰত ক’ভিড–১৯ৰ ভেকচিনৰ পৰীক্ষাৰ বাবে বহু লোকে এইমছৰ সৈতে যোগাযোগ কৰিছিল যদিও ১৮গৰাকী এই পৰীক্ষাৰ বাবে বাছনি কৰা হৈছে৷
১৮ৰ পৰা ৫৫ বছৰৰ ভিতৰত মুঠ ১৮গৰাকী লোকৰ ওপৰত চলোৱা হ’ব ভাৰতৰ এই প্রথমটো ক’ভিড–১৯ ভেকচিনৰ পৰীক্ষা৷ স্মর্তব্য যে দেশৰ ১২টা প্রতিষ্ঠানক ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আই চি এম আৰ) ক’ভিড–১৯ ভেকচিনৰ পৰীক্ষা চলোৱাৰ অনুমতি প্রদান কৰিছে৷ ইয়াৰ ভিতৰত পাটনাস্থিত এইমছো অন্যতম৷ ইফালে ঘাতক ভাইৰাছবিধৰ সংক্রমণ অধিক দ্রুত হৈ পৰিছে৷ দেশখনৰ প্রাণঘাতী ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যাই ইতিমধ্যে ৯ লাখ অতিক্রম কৰিছে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ ভাৰতত আক্রান্ত লোকৰ সংখ্যা হৈছে ৯,০৬,৩৮০গৰাকী৷ ইফালে দেশত এই ভাইৰাছবিধে প্রাণ কাঢ়িছে ২৩,৭২৭গৰাকী লোকৰ৷ ক’ভিড–১৯ৰ সংহাৰী ৰূপ অব্যাহত আছে আমেৰিকাত৷
দেশখনত নতুনকৈ ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে ২৫ হাজাৰ লোক৷ আমেৰিকাত ক’ভিড আক্রান্তৰ সংখ্যাই ৩৪ লাখ ৩৮ হাজাৰ অতিক্রম কৰিছে৷ দেশখনত ভাইৰাছবিধত প্রাণ হেৰুৱাইছে ১,৩৭,৮৭৩গৰাকী লোকে৷ এই তালিকাত দ্বিতীয় স্থানত থকা ব্রাজিলত সংক্রমিত লোকৰ সংখ্যা হৈছেগৈ ১৮,৬৭,৮৪১৷ ব্রাজিলত মৃত্যু হোৱা লোকৰ সংখ্যাই ইতিমধ্যে ৭২ হাজাৰ অতিক্রম কৰিছে৷ বিশ্বজুৰি ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা ১,৩১,২৯,৯৪৬লৈ বৃদ্ধি পাইছে৷ ইফালে এই ভাইৰাছবিধত আক্রান্ত হৈ বিশ্বজুৰি প্রাণ হেৰুৱাইছে ৫,৭৩,১৯৮গৰাকী লোকে৷