নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাশৱিক! নয়দাৰ পথত বিশেষভাৱে সক্ষম ব্যক্তিক প্রহাৰ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ বিশেষভাৱে সক্ষম লোক এজনক স্কুল ঘৰ ভাৰা দিয়া প্রসংগত সৃষ্টি হোৱা তিক্ততা আৰু বিতণ্ডাৰ অন্তত এজন লোক আৰু এগৰাকী মহিলাই লাঠীৰে প্রহাৰ কৰা ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইতিমধ্যে এই ঘটনাৰ ভিডি’ই ছ’চিয়েল মিডিয়াতো জ্বৰ তুলিছে৷ কেনেদৰে এগৰাকী বিশেষভাৱে সক্ষম লোকৰ ওপৰত পাশৱিক আতিশয্য চলাব পাৰে তাক লৈ সমালোচনাৰ সন্মুখীন হৈছে এই লোকজন আৰু মহিলাগৰাকী৷ গ্রেটাৰ নয়দাত সংঘটিত হৈছে এই ঘটনা৷ বিশেষভাৱে সক্ষম ব্যক্তিগৰাকীৰ নাম গজেন্দ্র৷

লক্ষণীয়ভাৱে অভিযুক্ত ব্যক্তিজনৰ নাম যুগেন্দ্র৷ যুগেন্দ্র আৰু মহিলাগৰাকীৰ আক্রমণৰ পৰা পৰিত্রাণ পাবলৈ হাত ওপৰলৈ দাঙি চেষ্টা চলাইছে গজেন্দ্রই৷ স্কুটীত বহি থকা গজেন্দ্রৰ ওপৰত বাৰে বাৰে প্রহাৰ কৰা হৈছে লাঠীৰে৷ স্মর্তব্য যে যুগেন্দ্রৰ পৰা ঘৰ এটা স্কুলৰ বাবে লীজত লৈছিল গজেন্দ্রই৷ কিন্তু ক’ৰোনা মহামাৰীৰ সময়ত স্কুল বন্ধ থকা বাবে ভাৰা দিয়া হোৱা নাছিল যুগেন্দ্রক৷

You might also like