নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিষ্টল লৈ টিক-টক ভিডিঅ’ আৰু তাৰ পাছতে ৰঙাঘৰলৈ গ’ল ২ যুৱক

নিউজডেস্ক, ২০ নৱেম্বৰঃ মধ্য প্ৰদেশত টিক-টক ভিডিঅ’ ছ’চিয়েল মিডিয়া যোগে প্ৰচাৰ কৰি জেললৈ গ’ল ২ জন যুৱক । ঘটনা অনুসৰি ২ জন যুৱকে এটা পিষ্টল লৈ চলন্ত বাইকত উঠি টিক-টক ভিডিঅ’ নিৰ্মাণ কৰিছিল । যাৰ পাছতে আৰক্ষীয়ে তেওঁলোক ৰাহুল আৰু কানহায়া নামৰ দুয়ো যুৱককে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে । ইপিনে অভিযুক্ত যুৱকজনৰ এজনে এই সন্দৰ্ভত কৈছে যে তেওঁলোকে টিক-টকত সৰ্বাধিক লাইক আৰু কমেণ্টৰ বাবেহে পিষ্টলৰ সৈতে ভিডিঅ’টো নিৰ্মাণ কৰিছিল । লগতে সেই পিষ্টলটো তেওঁ এজন বন্ধুৰ পৰা পোৱা বুলি জনায় । আনহাতে আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁলোকৰ পৰা পিষ্টলৰ সৈতে ৩ টা সষ্টম কাৰ্টিজ আৰু ভিডিঅ’টিত ব্যৱহৃত জব্দ কৰিছে ।

You might also like