নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিয়াঁজৰ মূল্যই অতিক্রম কৰিলে ১০০ টকা : দেশৰ ভিন্ন প্ৰান্তত পিয়াঁজ চুৰি

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ দেশৰ বজাৰত ক্রমাগতভাৱে বৃদ্ধি পাই অহা পিয়াঁজৰ মূল্যই ১০০ টকা অতিক্রম কৰিলে ৷ এই মূল্যবৃদ্ধিৰ বাবে বর্তমান সমগ্র ভাৰততে সাধাৰণ গ্রাহক বৃহৎ সমস্যাৰ সন্মুখীন হৈছে ৷ চলিত লোকসভাৰ শীতকালীন অধিৱেশনত স্বয়ং কেন্দ্রীয় খাদ্য আৰু গ্রাহক পৰিক্রমা মন্ত্রী ৰামবিলাস পাছোৱানেই পিয়াঁজৰ মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাত অসমর্থতা প্রকাশ কৰাৰ পাছত দৈনন্দিন খাদ্যসম্ভাৰৰ অত্যন্ত প্রয়োজনীয় সামগ্রীবিধৰ মূল্য কেতিয়া নিয়ন্ত্রণ হয় সেয়া সময়েহে ক’ব ৷ ইফালে, ক্রমাৎ বাঢ়ি অহা মূল্যৰ ফলত পিঁয়াজৰ ওপৰত চকু পৰিছে চোৰৰ ৷ দিল্লী, গুজৰাট, পশ্চিমবংগ আৰু বিহাৰত প্রায় ২৫ লাখ টকাৰ পিয়াঁজ চুৰি হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ বিশেষকৈ ট্রাক আৰু দোকানৰ পৰাই চোৰে চুৰি কৰিছে পিয়াঁজ ৷ উল্লেখ্য যে, পিয়াঁজৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰে বিভিন্ন প্রচেষ্টা অব্যাহত ৰাখিছে আৰু শেহতীয়াকৈ ১.২ লাখ মেট্রিকটন পিয়াঁজ আমদানি কৰাৰ সিদ্ধান্ত লৈছে ৷

You might also like