নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ জামিন আবেদন খাৰিজ পি. চিদাম্বৰমৰ

দিল্লী উচ্চ ন্যায়ালয়ে পি.চিদাম্বৰমৰ জামিন আবেদন খাৰিজ কৰিছে।

নিউজ ডেস্ক ১৫ নৱেম্বৰঃ আই এন এক্স মিডিয়া গোচৰত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি. চিদাম্বৰমৰ ন্যায়ালয়ৰ দ্বাৰা পুনৰ মুখ ঠেকেচা। দিল্লী উচ্চ ন্যায়ালয়ে পি.চিদাম্বৰমৰ জামিন আবেদন খাৰিজ কৰিছে।
দিল্লী উচ্চ ন্যায়ালৰ ন্যায়াধীশ সুৰেশ কেথে মন্তব্য কৰে যে যদি এই সময়ত জামিন দিয়া হয় তেতিয়া যি ৭০ টা বেনামী বেংক একাউণ্টৰ লগতে শ্বেল কোম্পানী আৰু বিত্তীয় কেলেংকাৰী প্ৰমাণ কৰাটো অনুসন্ধানকাৰী বিভাগ সমূহৰ বাবে অসুবিধাৰ সৃষ্টি হ’ব।

উল্লেখ্য যে আই অন এক্স মিডিয়াৰ গোচৰত যোৱা ২১ আগষ্টত চি.বি.আইয়ে পি. চিদাম্বৰমৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। যাৰ পাছত তেওঁক ৫ ছেপ্তেম্বৰ তাৰিখে তিহাৰ জেললৈ প্ৰেৰণ কৰা হয়।

You might also like