নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ৰাজহুৱা অনুষ্ঠানত কিম জং–উন

নিয়মীয়া বাৰ্তা, ২৫ মেঃ উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে ১ মে’ৰ পাছত পুনৰ ৰাজহুৱাকৈ ভুমুকি মাৰিছে৷ কালি কট্টৰ কমিউনিষ্ট ৰাষ্ট্রখনৰ শীর্ষ নেতাগৰাকীয়ে কেন্দ্রীয় সামৰিক আয়োগৰ এক বৈঠকত অধ্যক্ষতা কৰাৰ পাছতে কিমৰ অসুস্থতাৰ সংবাদ মিছা আছিল বুলি বিভিন্ন মহলে ঘোষণা কৰিছে৷ উল্লেখনীয় যে পাৰমাণৱিক যুদ্ধৰ বাবে দেশক প্রস্তুত কৰাৰ ক্ষেত্রত নতুন নীতি সন্দর্ভত সামৰিক শীর্ষ নেতাসকলৰ সৈতে আলোচনা কৰে কিমে৷ দেশখনৰ চৰকাৰী সংবাদ সংস্থা কেচিএনএৰ তৰফৰ পৰা এক প্রতিবেদনত উল্লেখ কৰা হৈছে যে শাসকীয় ৱার্কার্ছ পার্টীৰ এক গুৰুত্বপূর্ণ সামৰিক পদক্ষেপ গ্রহণৰ উদ্দেশ্যে এই কেন্দ্রীয় আয়োগৰ বৈঠক অনুষ্ঠিত কৰা হৈছিল৷ লক্ষণীয়ভাৱে কিম জং–উনে এই বৈঠকত কি নতুন নীতি বা কৌশল গ্রহণ কৰিছে সেই সন্দর্ভত কোনোধৰণৰ তথ্য সদৰী কৰা নাই সংবাদ সংস্থাটোৱে৷ কিন্তু মে’ মাহৰ ভিতৰত কিমে দ্বিতীয়বাৰ ৰাজহুৱা অনুষ্ঠানত ভুমুকি মৰা বিষয়টোক লৈ চর্চা চলিছে বিশ্বৰ সংবাদ মাধ্যমত।

You might also like