নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুলৱামাত সন্ত্রাসবাদী আত্মঘাতী আক্রমণঃ কাশ্মীৰত পিতৃ–কন্যাক গ্রেপ্তাৰ নিয়াৰ

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ বিগত বর্ষৰ ১৪ ফেব্রুৱাৰীত পাকিস্তানী সন্ত্রাসবাদী  জইচ–ই–মহম্মদৰ আত্মঘাতী আক্রমণত জড়িত থকাৰ অভিযোগত পিতৃ–কন্যাক গ্রেপ্তাৰ কৰিছে নিয়াই৷ কাশ্মীৰৰ পুলৱামাত আক্রমণত জড়িত থকা পীৰ তাড়িক আৰু ইনছাক নিয়াক মঙলবাৰে গ্রেপ্তাৰ কৰিছে৷ গ্রেপ্তাৰ কৰা পীৰ তাড়িক আৰু ইনছাহ সম্বন্ধত পিতৃ আৰু কন্যা৷ উল্লেখ্য যে যোৱা বর্ষৰ ১৪ ফেব্রুৱাৰীত জইচ মহম্মদৰ সন্ত্রাসবাদী আদিল আহমেদ ডৰে বিলাসী বাহন এখনৰে চি আৰ পি এফ কনভয়ত আক্রমণ চলাইছিল৷ এই আক্রমণত ৪০তকৈ অধিক চি আৰ পি এফ জোৱানৰ প্রাণহানি হৈছিল৷ সেই আক্রমণৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল নিয়াক৷ ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থাটোৱে অনুসন্ধান চলাই ইতিমধ্যে পুলৱামাৰ কেইবাটাও অঞ্চলত অভিযান চলাইছিল৷ তদন্তৰ অন্তত ভয়াৱহ আত্মঘাতী আক্রমণত পীৰ তাড়িক আৰু ইনছা জড়িত থকা বুলি তথ্য লাভ কৰাৰ পিছতে নিয়াই আজি তাড়িক ইনছাক গ্রেপ্তাৰ কৰি জম্মুলৈ আনিছে৷ ইতিমধ্যে জম্মুত পিতৃ–কন্যাক সোধা–পোছা আৰম্ভ কৰিছে নিয়াই ৷

You might also like