নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনা দিৱসঃ পুুৰুষ পেৰেডৰ নেতৃত্ব দিলে কেপ্টেইন তানিয়া ছেহগেলে

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ আজি দেশত ৭২ সংখ্যক সেনা দিৱস পালন কৰা হৈছে। চলিত বৰ্ষৰ সেনা দিৱস এই কাৰণে বিশেষ যে কোনোবা এগৰাকী মহিলা সেনা বিষয়াই পেৰেডক নেতৃত্ব দিছে। সেনা দিৱসৰ দিনা আজি কেপ্টেইন তানিয়া ছেহগেল প্ৰথম মহিলা পেৰেড কামাণ্ডাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰে। কেপ্টেইন তানিয়াই পুৰুষৰ পেৰেডৰ নেতৃত্ব বহন কৰে।
আজি সেনা দিৱসৰ দিনাৰ জেনেৰেল এম এম নাৰৱানে কয় যে জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাতো এক ঐতিহাসিক পদক্ষেপ। যাৰ বাবে জম্মু আৰু কাশ্মীৰক মুখ্য ধাৰাৰ সৈতে সংযোগ কৰাত সহায় হব। লগতে তেওঁ উল্লেখ কৰে যে সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি সকলো ধৰণৰ চেষ্টা কৰিম। তেওঁ লগতে কয় যে চীন পাকিস্তানৰ সীমাত নিয়োজিত হৈ থকা সৈনিক সকলক চদ্ম যুদ্ধৰ বাবে ২৪ ঘণ্টাই সৈনিক সকলক সতৰ্ক থাকিলৈ কয়। লগতে সেনাজোৱান সকলক আশ্বাস দিয়ে যে তেওঁলোকৰ বিভিন্ন প্ৰয়োজন যিকোনো বিনিময়ত পূৰণ কৰা হব।

উল্লেখ্য যে ভাৰতৰ প্ৰথম জন জেনেৰেল কে এম কৰিয়াপ্পাই ১৯৪৯ চনত আজিৰ দিনটোই সেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৪৭ চনত ভাৰত আৰু পাকৰ যুদ্ধত কৰিয়াপ্পাই সেনা বাহিনীক নেতৃত্ব দিছিল। মনকৰিবলগীয়া এই যে ভাৰতীয় সেনাৰ গঠন ১৭৭৬ চনত গঠন কৰা হৈছিল ইষ্ট ইণ্ডিয়াই কোম্পানীয়ে তেতিয়াৰ কলিকতাত গঠন কৰিছিল। ভাৰতীয় সেনা বিশ্বৰ চতুৰ্থ শক্তিশালী সেনাবাহিনী। ভাৰতীয় সেনাত ১৩ লাখ জোৱান বিভিন্ন সেৱাত নিয়োজিত নিয়োজিত হৈ আছে।

You might also like