নিয়মীয়া বাৰ্তা, ১৬ডিচেম্বৰ: কোনো ধৰণৰ প্রত্যক্ষ মৌখিক অথবা তথ্যভিত্তিক সাক্ষ্য নাথাকিলেও দুর্নীতিৰ গোচৰত বে–আইনী কার্যকলাপৰ কাৰণে চৰকাৰী বিষয়াক দোষী সাব্যস্ত কৰিব পাৰি৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ এ নাজিৰৰ নেতৃত্বৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে এই ৰায় দিয়ে৷ যদি অভিযোগকাৰীৰ কোনো প্রত্যক্ষ তথ্যও উপলব্ধ নহয়, তথাপি প্রাসংগিক ব্যৱস্থাৰ অধীনত চৰকাৰী কর্মচাৰীক দোষী সাব্যস্ত কৰিব পাৰি৷ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠত ন্যায়াধীশ বিআৰ গাভাই, এএছ বোপান্না, ভি ৰাম সুব্রমণিয়ম আৰু বিভি নাগাৰত্নও আছে৷ উল্লেখ্য যে উৎকোচ লোৱাকে ধৰি বিভিন্ন বে–আইনী কার্যকলাপত জড়িত চৰকাৰী বিষয়াৰ বিৰুদ্ধে প্রত্যক্ষ অথবা প্রাথমিক সাক্ষ্যৰ অভাৱ হৈ থকাৰ সময়তে সর্বোচ্চ ন্যায়ালয়ৰ এই ৰায় অতিকৈ গুৰুত্বপূর্ণ৷