নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম ভাৰতীয়ঃ ইন্ষ্টাগ্রামত ৫০ মিলিয়ন ফল’ৱাৰৰে কোহলিৰ অভিলেখ

চেৰ পেলালে প্রিয়ংকা চোপ্রা, দীপিকা পাডুকন, নৰেন্দ্র মোদীৰ দৰে চেলিব্রেটীক

নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ ক্রিকেটৰ পথাৰত চমকপ্রদ বেটিঙেৰে ইটোৰ পিছত সিটো অভিলেখ নিজৰ নামত খোদিত কৰা তাৰকা ক্রিকেটাৰ বিৰাট কোহলিয়ে খেলপথাৰৰ বাহিৰতো একক আৰু অনন্য অভিলেখেৰে সফলতাৰ শিখৰ চুইছে ৷ ছ’চিয়েল মিডিয়াত বিশেষভাৱে সক্রিয় টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে মঙলবাৰে দেশৰ প্রথমগৰাকী ব্যক্তি হিচাপে ইন্ষ্টাগ্রামত ৫০ মিলিয়ন অনুগামীৰ সংখ্যা স্পর্শ কৰিবলৈ সক্ষম হয় ৷ সাম্প্রতিক বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেট্ছমেনগৰাকীৰ ইন্ষ্টাগ্রাম ফল’ৱাৰৰ সংখ্যাই এতিয়া প্রিয়ংকা চোপ্রা, দীপিকা পাডুকন, নৰেন্দ্র মোদী আদিৰ দৰে চেলিব্রিটিকো চেৰ পেলাইছে ৷ বলীউডৰ মোহময়ী অভিনেত্রী প্রিয়ংকা চোপ্রাৰ ইন্ষ্টাগ্রাম ফল’ৱাৰৰ সংখ্যা হ’ল ৪৯ মিলিয়ন ৷ একেদৰে ৪৪.১ মিলিয়ন ফল’ৱাৰেৰে তৃতীয় স্থানত আছে দীপিকা পাডুকন ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৩৪.৫ মিলিয়ন ফল’ৱাৰেৰে এই তালিকাৰ চতুর্থ স্থান অধিকাৰ কৰিছে৷ ইয়াৰ পূর্বে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি ভাৰতৰ সবাতোকৈ মূল্যৱান চেলিব্রিটী হিচাপে চিহ্ণিত হৈছিল ৷

You might also like