নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ নেতৃত্বত প্রতিজন ভাৰতীয়ই সুৰক্ষিত অনুভৱ কৰে

মোদীক প্রশংসা গৃহমন্ত্রী অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা, ২৪ এপ্রিলঃ ভাৰতত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত চৰকাৰে লোৱা ভূমিকাৰ ভূয়সী প্রশংসা কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৷ এক টুইটযোগে গৃহমন্ত্রী শ্বাহে প্রধানমন্ত্রী মোদীক প্রশংসা কৰি কয় যে  ভাৰতীয় লোকসকলে এই সংকটৰ সময়ত প্রধানমন্ত্রী মোদীৰ ওচৰত সুৰক্ষিত অনুভৱ কৰিছে আৰু বিশ্ব সম্প্রদায়েও ক’ভিড–১৯ মহামাৰী ৰোধৰ ক্ষেত্রত তেওঁ লোৱা ভূমিকাৰ প্রশংসা কৰিছে ৷ ‘ক’ভিড–১৯ বিশ্ব মহামাৰীক যিদৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মোকাবিলা কৰিছে, সেয়া সমগ্র বিশ্বই প্রশংসা কৰিছে ৷ এনে প্রত্যাহ্বানমূলক সময়ত ভাৰতীয়সকলৰ প্রতি তেওঁ যিদৰে দায়িত্ব পালন কৰিছে আৰু বিশ্ব সম্প্রদায়ক সহযোগিতা আগবঢ়াইছে, তেনে অৱস্থাত প্রতিজন ভাৰতীয়ই নৰেন্দ্র মোদীৰ নেতৃত্বত আস্থা স্থাপন কৰাৰ লগতে নিজকে সুৰক্ষিত অনুভৱ কৰিছে ৷’

You might also like