নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমিকৰ হৈ পৰীক্ষাত বহিবলৈ গৈ ধৰা পৰিল প্রেমিকা

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: প্রেমত পৰিলে প্রেমিকৰ বাবে কি কৰিব নোৱাৰে প্রেমিকাই প্রেমিকৰ বাবে পৰীক্ষাত বহিবলৈ গৈছিল, কিন্তু সফল হ’ব নোৱাৰিলে৷ তৰুণীৰ কাৰচাজি ধৰা পৰি গ’ল৷ বর্তমান কাৰাগাৰত বন্দী এই প্রেমিকা৷ প্রেমিকৰ বাবে পৰীক্ষাত বহিবলৈ গৈ এতিয়া নিজৰ ভৱিষ্যৎ অন্ধকাৰ দেখিবলগীয়া হৈছে প্রেমিকাই৷ ঘটনাটো গুজৰাটৰ৷ বীৰ নর্মদ গুজৰাট বিশ্ববিদ্যালয়ৰ এক পৰীক্ষাত শেহতীয়াকৈ এই কাণ্ড ঘটাইছে এক তৰুণীয়ে৷ প্রেমিক বাহিৰলৈ ফুৰিবলৈ গৈছিল৷ পৰীক্ষাৰ বাবে প্রেমিকৰ কোনো প্রস্তুতিও নাছিল৷ পৰীক্ষাৰ দিনাখন প্রেমিক আছিল উত্তৰাখণ্ডত৷ কিন্তু প্রেমিকৰ হৈ পৰীক্ষাত বহিবলৈ গৈছিল এই তৰুণীয়ে৷ নাম কিছু সলনি কৰি, পৰিচয়–পত্রৰ ছবি পৰিৱর্তন কৰি পৰীক্ষা কেন্দ্রত প্রৱেশ কৰিছিল যদিও তাত ধৰা পৰে চৰকাৰী চাকৰিয়াল এই প্রেমিকা৷

You might also like