নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ মোদীৰ মাতৃয়ে আগবঢ়ালে ২৫ হাজাৰ টকা

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ মহামাৰী ক’ৰোনা ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে । ইয়াৰ বাবে প্ৰয়োজন হৈছে বৃহৎ পুঁজিৰ । ইতিমধ্যে দেশৰ বহু সংগঠনৰ লগতে ব্যক্তিগত ভাৱে বিভিন্নজনে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ধন আগবঢ়াইছে ।

মঙলবাৰে ক’ৰোনাৰ বিৰুদ্ধে চলা যুঁজখনলৈ প্ৰধানমন্ত্ৰী মোদীৰ মাতৃ হীৰা বেনেও তেওঁৰ ব্যক্তিগত একাউণ্টৰ পৰা ২৫ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ জনসাধাৰণক সহায়ৰ আহ্বান কৰিছিল ।

You might also like