নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰসংগঃ দিল্লীৰ বায়ু প্ৰদূষণ, কেন্দ্ৰক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

যুগ্ম-অযুগ্ম নহয় সমাধান সূত্ৰঃ ছুপ্ৰিম ক'ৰ্ট

দিল্লীঃ দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক ককৰ্থনা কৰি এসপ্তাহৰ ভিতৰত প্ৰদূষণমুক্ত কৰাৰ নিশ্চিত উত্তৰ দিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ অৰুণ মিশ্ৰ আৰু দীপক গুপ্তাৰ বিচাৰপীঠে দিল্লী চৰকাৰে প্ৰদূষণমুক্ত কৰিবলৈ যান-বাহন পৰিবহনত প্ৰৱৰ্তন কৰা যুগ্ম-অযুগ্ম ব্যৱস্থা সমাধান সূত্ৰ নহয় বুলি মন্তব্য কৰিছে। সেয়ে ৰাজধানীখনৰ প্ৰদূষম কমাবলৈ কি ব্যৱস্থা গ্ৰহণ সেই বিষয়ে জনাবলৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ মুখ্য সচিবলৈ চমন জাৰি কৰিছে।