নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ’ৰ্বছৰ ১০০ প্রভাৱশালী মহিলাঃ স্থান পালে বিত্তমন্ত্রী নির্মলা সীতাৰমনে

নিয়মীয়া বাৰ্তা,১৪ ডিচেম্বৰঃ ফ’ৰ্বছ আলোচনীৰ ২০১৯ চনৰ বিশ্বৰ এশগৰাকী প্রভাৱশালী মহিলাৰ তালিকাত প্রথমবাৰৰ বাবে স্থান লাভ কৰিছে ভাৰতৰ বিত্তমন্ত্রী নির্মলা সীতাৰমনে ৷ এই তালিকাত প্রথমবাৰৰ বাবে স্থান লাভ কৰা আন দুগৰাকী ভাৰতীয় মহিলা হ’ল এইচ চি এল কর্প’ৰেচনৰ ইচি’ তথা কার্যবাহী সঞ্চালক ৰশ্নি নাডাৰ মালহোট্রো আৰু বিছকনৰ জন্মদাতা কিৰণ মজুমদাৰ–শ্ব’ ৷ ফ’ৰ্বছ আলোচনীৰ এই সন্মানীয় এশগৰাকী মহিলাৰ তালিকাত শীর্ষস্থান লাভ কৰিছে জার্মান চেন্সেলৰ এঞ্জেলা মার্কেল, দ্বিতীয় স্থানত আছে ইউৰোপিয়ান চেণ্ড্রেল বেংকৰ প্রেছিডেণ্ট ক্রিষ্টিনী লাগার্ডে আৰু তৃতীয় স্থানত আছে আমেৰিকান সংসদৰ অধ্যক্ষ নেন্সি পেলচী ৷ এই তালিকাত ২৯সংখ্যক স্থানত আছে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনা ৷ উল্লেখ্য যে, ভাৰতৰ প্রথমগৰাকী মহিলা বিত্তমন্ত্রী নির্মলা সীতাৰমনে ফ’বছৰ এই তালিকাত ৩৪সংখ্যক স্থান লাভ কৰিছে ৷ তেওঁ ভাৰতৰ প্রতিৰক্ষা মন্ত্রী হিচাপেও কার্যনির্বাহ কৰিছিল ৷

You might also like