নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বহিঃবিশ্বৰ প্রাণীৰ গৃহ’ জাপানৰ এখন ক্ষুদ্র চহৰ

  • লিন’–মাছি চহৰত এবছৰত ৪৫২ ইউএফঅ’ৰ বিচৰণ
  • ৫ হাজাৰতকৈ কম বাসিন্দাৰ চহৰখনত দেখা যায় অনেক মহাকাশৰ আশ্চর্যজনক ঘটনা

 

নিয়মীয়া বাৰ্তা, ৪ মে’: পৃথিৱীৰ বাহিৰত প্রাণীৰ অস্তিত্বক লৈ সাধাৰণজনৰ সমানেই বিজ্ঞানীসকলো উৎসুক হৈ আহিছে৷ বহিঃবিশ্বৰ প্রাণী তথা এলিয়েনৰ অস্তিত্বক লৈ বিজ্ঞানী–গৱেষকসক এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চয়তা প্রদান কৰিব পৰা নাই যদিও মহাকাশত সন্দেহজনক সামগ্রীৰ স্থিতিয়ে বহিঃবিশ্বৰ প্রাণীৰ অস্তিত্বক সজীৱ কৰি তোলে৷ পৃথিৱীৰ প্রান্তে প্রান্তে ইউএফ’ৰ বিচৰণে বহিঃবিশ্বৰ প্রাণীৰ অস্তিত্বক সবল কৰি তোলে৷ বহিঃবিশ্বৰ প্রাণীয়ে ইউএফ’ৰ দ্বাৰা মহাকাশত বিচৰণ কৰাও চর্চাৰ বিষয় হৈ আহিছে৷ জাপানৰ এখন ক্ষুদ্র চহৰ৷ এই চহৰখনক বহিঃবিশ্বৰ প্রাণীৰ গৃহ বুলি জনা যায়৷ অর্থাৎ হ’ম অৱ এলিয়েঞ্চ জাপানৰ এখন ক্ষুদ্র চহৰ৷ দেশখনৰ ফুকুছিমা জিলাত অৱস্থিত এই ক্ষুদ্র চহৰখনৰ নাম হৈছে লিন’–মাছি৷ এই চহৰখনত বহিঃবিশ্বৰ প্রাণীৰ অস্তিত্বক লৈ এতিয়া বিজ্ঞানীসকলে নতুনকৈ গৱেষণা–নুসন্ধান আৰম্ভ কৰিছে৷ কিয়নো এবছৰতেই এই ক্ষুদ্র চহৰখনত ৪৫২ ইউএফ’ই আকাশত বিচৰণ কৰাই নহয়, কিছুসংখ্যক ইউএফ’ আহি ভূমিত বিধ্বস্তও হৈছিল৷ ইউএফ’ৰ আলোকত চহৰখন আলোকিত হৈ থাকে৷ ৫ হাজাৰতকৈ কম বাসিন্দাৰ চহৰখনত ইউএফ’ৰ স্থিতিয়ে আলোকিত কৰি থকাৰ সমান্তৰালকৈ মহাকাশৰ অনেক কার্যকলাপো প্রত্যক্ষ কৰা হয়৷ বাসিন্দাসকলে ইউএফ’ক লৈ উৎসুকতা প্রকাশ কৰাৰ লগতে বহিঃবিশ্বৰ প্রাণীৰ অস্তিত্বৰ প্রতিও বিশ্বাসী হৈ উঠিছে৷ বাসিন্দাসকলে বহিঃবিশ্বৰ প্রাণীক আদৰি আনিবলৈ আনকি আকাশ নিৰীক্ষণ স্তম্ভ স্থাপন কৰাৰ লগতে বহিঃবিশ্বৰ প্রাণীৰ প্রতিকৃতিৰে গৃহও সাজিছে৷ লিন’–মাছিক পর্যটন খণ্ডৰ আকর্ষণীয় স্থান হিচাপে গঢ়ি তুলিবলৈ ইউএফ’ ফুৰেনাই কান মিউজিয়াম স্থাপন কৰিছে৷ ইয়াত এলিয়েন সম্পর্কীয় তথা ইউএফ’ সম্পর্কীয় বিভিন্ন তথ্যপাতি সংগ্রহ কৰি ৰখা হৈছে৷ চর্চা মতে, বহিঃবিশ্বৰ প্রাণীৰ প্রতি যদি কোনোৱে বিশ্বাস কৰে, তেতিয়াহ’লে লিন’–মাছি হ’ব পাৰে তেনে লোকৰ বাবে অতি উত্তম স্থান৷ ইউএফ’ৰ লগত বহিঃবিশ্বৰ প্রাণীৰ সম্পর্ক থকা বুলি বিশ্বৰ প্রসিদ্ধ মহাকাশ প্রতিষ্ঠানসমূহে সম্পূর্ণকৈ মানি লোৱা নাই যদিও ইউএফ’ক লৈ তেওঁলোকৰ স্থিতি নেতিবাচকো নহয়৷ অর্থাৎ ইউএফ’ৰ লগত বহিঃবিশ্বৰ প্রাণীৰ সম্পর্ক থাকিব পাৰে বুলিও চর্চা হৈ আছে৷

You might also like