নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশে নিজেই ঘূৰাই ল’ব অবৈধ বিদেশীকঃ আব্দুল মোমেন

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চল উত্তাল কৰি ৰখা নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰতিবাদ দেশ-বিদেশৰ ভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হোৱাৰ সময়তে অবৈধ বিদেশীৰ প্ৰসংগত মন্তব্য কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে । তেওঁ সদৰী মতে, ভাৰতৰ বিভিন্ন ঠাইত বে-আইনীভাৱে বসবাস কৰা বাংলাদেশী নাগৰিকৰ তালিকা ঢাকাৰ তৰফৰ পৰা দিল্লীৰ ওচৰত বিচৰা হৈছে । দিল্লীয়ে তালিকা দিলেই তেনে বাংলাদেশীসকলক ঢাকাই ঘূৰাই ল’ব, ভাৰতে পুছবেক কৰাৰ প্ৰয়োজন নহ’ব ।

দেওবাৰে বাংলাদেশ চৰকাৰৰ বৈদেশিক মন্ত্রালয়ত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত তেওঁ কয় যে জীৱিকাৰ সন্ধানত কিছুসংখ্যক বাংলাদেশী নাগৰিক বে–আইনীভাৱে ভাৰতত গৈ থাকিব পাৰে ৷ তেনে বাংলাদেশীসকলৰ তালিকা দিবলৈ ভাৰত চৰকাৰক কোৱা হৈছে ৷ সেই তালিকা পালেই বাংলাদেশীসকলক আমি নিজেই ঘূৰাই ল’ম ৷ ইয়াৰ বাবে ভাৰতে পুছবেক কৰাৰ প্রয়োজন নাথাকিব৷ আমাৰ নির্দিষ্ট বিধি–প্রক্রিয়াৰ মাজেৰে ভাৰতত অবৈধভাৱে থকা বাংলাদেশীসকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰিম ৷

ভাৰতে একাংশ লোকক পুছবেক কৰা বিষয়টো বাংলাদেশৰ বৈদেশিক মন্ত্রীজনে কার্যতঃ নস্যাৎ কৰে ৷ এই সন্দর্ভত তেওঁ কয় যে ভাৰতত চাকৰিৰ নাটনি হৈছে৷ এনে প্রেক্ষাপটত আমাৰ দেশৰ অর্থনৈতিক উন্নয়নৰ প্রতি লক্ষ্য ৰাখি দালালক টকা দি ভাৰতৰ পৰা একাংশ লোকে বাংলাদেশত প্রৱেশ কৰিছে ৷ বিগত নৱেম্বৰ মাহত সীমান্তৰে অনুপ্রৱেশ কৰা এনে প্রায় ৩২৯জন লোকক গ্রেপ্তাৰ কৰি বর্তমান ঝেনাইডা আৰু জাশ্বোৰ কাৰাগাৰত ৰখা হৈছে ৷ ধৃতসকলে নিজকে বাংলাদেশৰ নাগৰিক বুলি দাবী কৰিছে যদিও কোনোধৰণৰ উপযুক্ত প্রমাণ তথা নথিপত্র দেখুৱাবলৈ সক্ষম হোৱা নাই ৷ যদি তেওঁলোক বাংলাদেশী নাগৰিক হিচাপে প্রমাণিত নহয়, তেন্তে আটাইকে ঘূৰাই পঠিওৱা হ’ব ৷

সাংবাদিকৰ প্রশ্নৰ উত্তৰত ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ আৰু নাগৰিকত্ব সংশোধনী আইনক সম্পূর্ণৰূপে ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰে বাংলাদেশৰ বৈদেশিক মন্ত্রীজনে ৷ তেওঁ পুনৰ কয় যে এনে ধৰণৰ বিষয়বোৰে বাংলাদেশত কোনোধৰণৰ প্রভাৱ নেপেলায় ৷ ইফালে, প্রস্তাৱিত ভাৰত ভ্রমণসূচী বাতিল কৰাক লৈ সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে বংগবন্ধু চৰকাৰৰ সময়ত এটা অলিখিত আইন আছিল যে মন্ত্রী বিদেশত থাকিলে সচিব স্বদেশত থাকিব আৰু সচিব বিদেশত থাকিলে মন্ত্রী স্বদেশত থাকিব ৷ মই সেই নিয়মেই পালন কৰিছোঁ ৷ বর্তমান আমাৰ বৈদেশিক ৰাজ্যমন্ত্রী আৰু সচিব বিদেশত আছে ৷ উল্লেখ্য যে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতে দিল্লী ভ্রমণসূচী বাতিল কৰিছিল বাংলাদেশৰ বৈদেশিক মন্ত্রীজনে ৷ একে সময়তে বাংলাদেশৰ গৃহমন্ত্রী আছাদুজ্জামান খান কামালেও বাতিল কৰিছিল ভাৰত ভ্রমণসূচী ৷

You might also like