নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত অংশ লৈ আম আদমী পাৰ্টী আৰু ছাজীন বাগৰ ‘কা’ বিৰোধী প্ৰতিবাদক তীব্ৰ সমালোচনা কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী অমিত শ্বাহে । অমিত শ্বাহে কয় যে, বিজেপিক ভোট দিয়ক নহ’লে দেশত ছাজীন বাগৰ দৰে ঘটনা ঘটি থাকিব ।
দেওবাৰে ৰাজধানী চহৰৰ বদৰপুৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অমিত শ্বাহে । এই প্ৰচাৰ সভাত অমিত শ্বাহে কয় ৮ ফেব্ৰুৱাৰীৰ দিনী যদি আপোনালোকে বিজেপিক ভোটদান কৰে তেন্তে সেই ভোট হ’ব দেশৰ নিৰাপত্তাৰ পক্ষে । দিল্লীক আমি সম্পূৰ্ণৰূপে নিৰাপত্তা দিয়াৰ লগতে পুনৰবাৰ দেশত ছাহীন বাগৰ দৰে ঘটনা সংঘটিত হ’বলৈ কেতিয়াও দিয়া নহ’ব বুলি উল্লেখ কৰে অমিত শ্বাহে ।
দেওবাৰৰ এই নিৰ্বাচনী সভাতে অমিত কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰি ৰাহুল গান্ধী, ছোনিয়া গান্ধী, মমতা বেনাৰ্জী আৰু মায়াৱতীক আক্ৰমণৰ লক্ষ্য কি লয় । জেএনইউৰ দেশবিৰোধী শ্ল’গানৰ সময়ত সেই সময়ৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও কয় অমিত শ্বাহে ।