নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিক সমৰ্থন নকৰে এনচিপিয়েঃ পাৱাৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ শনিবাৰে পুৱাই মহাৰাষ্ট্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাচতেই এতিয়া ৰাজনৈতিক মহলত অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া । মুখ্যমন্ত্ৰী ৰূপে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাৱিছ আৰু উপ-মুখ্যমন্ত্ৰী ৰূপে এন চি পিৰ অজিত পাৱাৰে শপত বাক্য পাঠ কৰাৰ পাচতে এতিয়া নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এন চি পি প্ৰধান শাৰদ পাৱাৰে । শনিবাৰে এক গুৰুত্বপূৰ্ণ টুইটৰ জৰিয়তে এনচিপিয়ে অৰ্থাৎ ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টীয়ে কোনো কাৰণতে বিজেপিক সমৰ্থন নকৰে বুলি কোৱাৰ লগতে অজিত পাৱাৰৰ এইয়া নিজা সিদ্ধান্ত বুলিও কয় শাৰদ পাৱাৰে ।

উল্লেখ্য যে, শুকুৰবাৰে এন চি পি, কংগ্ৰেছ আৰু শিৱসেনাৰ মাজত হোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰ্মে উদ্ধৱ থাকৰেৰ নাম চূড়ান্ত হৈছিল মুখ্যমন্ত্ৰী ৰূপে । কিন্তু তাৰ পাচতেই শনিবাৰে পুৱাই মহাৰাষ্ট্ৰৰ পৰা ৰাষ্ট্ৰপতি শাসন উঠাই দিয়া হৈছিল আৰু পুৱা ৮ বজাত মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে দেৱেন্দ্ৰ ফাড়নাৱিছ আৰু অজিত পাৱাৰে । এই বৃহৎ পট পৰিৱৰ্তনৰ পাচতে এতিয়া এন চি পি প্ৰধানৰ শেহতীয়া বক্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।

You might also like