নিয়মীয়া বাৰ্তা, ১৫ জুলাই: ৰাজস্থানত মুখ্যমন্ত্রী অশোক গেহলট নেতৃত্বাধীন কংগ্রেছ চৰকাৰখনৰ অচলাৱস্থা অব্যাহত থকাৰ সময়তে গেহলটৰ প্রতি অনাস্থা প্রদর্শন কৰা দলৰ বিদ্রোহী নেতা তথা উপ–মুখ্যমন্ত্রী শচীন পাইলটক আজি প্রদেশ কংগ্রেছৰ মুৰব্বী আৰু উপ–মুখ্যমন্ত্রী পদৰ পৰা অপসাৰণ কৰা হৈছে৷ পাইলটৰ প্রতি আস্থা প্রদর্শন কৰা অন্য দুগৰাকী মন্ত্রী বীছবেন্দ্র সিং আৰু ৰমেশ মীনাকো পদবীৰ পৰা অপসাৰণ কৰিছে কংগ্রেছে৷
ইয়াৰ লগে লগে ৰাজস্থান কংগ্রেছ দুই শিবিৰত বিভক্ত হোৱাটো নিশ্চিত হৈ পৰিছে৷ উল্লেখনীয় যে কংগ্রেছ বিধায়িনী দলৰ কালি আৰু আজি অনুষ্ঠিত দুখনকৈ বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থাকে শচীন পাইলট আৰু তেওঁক সমর্থন জনোৱা কেইবাগৰাকীও বিধায়ক৷ ইয়াৰ পাছতে কংগ্রেছ দলৰ উপ–মুখ্যমন্ত্রী শচীন পাইলট আৰু অন্য দুগৰাকী মন্ত্রীক অপসাৰণ কৰা বুলি ঘোষণা কৰে৷ তাৎক্ষণিকভাৱে মুখ্যমন্ত্রী অশোক গেহলটে ৰাজ্যপাল কালৰাজ মিশ্রক লগ কৰি উপ–মুখ্যমন্ত্রী শচীন পাইলট, মন্ত্রী বীজবেন্দ্র সিং আৰু ৰমেশ মীনাক মন্ত্রিত্বৰ পৰা অপসাৰণ কৰিবলৈ প্রস্তাৱ দাখিল কৰে৷ ৰাজ্যপালে তাৎক্ষণিকভাৱে এই প্রস্তাৱক কার্যকৰী ৰূপ দিয়াৰ পাছতেই মুখ্যমন্ত্রী গেহলটে সংবাদ মাধ্যমৰ মুখামুখি হৈ কয় যে শচীন পাইলটৰ হাতত কৰিব লগা একো নাই৷
সমগ্র নাটকৰ ৰূপকাৰ বিজেপি বুলি অভিযোগ কৰি মধ্যপ্রদেশত কংগ্রেছ চৰকাৰৰ পতন ঘটাবলৈ যিসকলে ষড়যন্ত্র ৰচিছিল, সেই একেই ষড়যন্ত্রকাৰীয়ে ৰাজস্থানত কংগ্রেছ চৰকাৰৰ পতন ঘটোৱাৰ অভিসন্ধি ৰচিছিল বুলিও গেহলটে মন্তব্য কৰিছে৷ ইফালে, দলীয় হাইকমাণ্ডে দীর্ঘদিন ধৰি বিজেপিয়ে হর্ছ ট্রেডিং কৰাৰ ক্ষেত্রত কংগ্রেছৰ সহযোগিতা লাভ কৰা বিষয়টো সন্দর্ভত সিদ্ধান্ত ল’বলৈ কোনো ধৰণৰ বিলম্ব নাই বুলি মন্তব্য কৰি গেহলটে কয় যে বিগত ছমাহ ধৰি শচীন পাইলট বা তেওঁক সমর্থন জনোৱা বিধায়কসকলে কংগ্রেছ চৰকাৰখনৰ ক্ষতিসাধন কৰি আহিছে৷ গতিকে দলীয় হাইকমাণ্ডে এইক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰিছে বুলিও মন্তব্য কৰে গেহলটে৷ লক্ষণীয়ভাৱে অশোক গেহলটে ১০৯গৰাকী বিধায়কৰ সমর্থন থকা বুলি কালি ঘোষণা কৰিছিল যদিও শচীন পাইলটক উপ–মুখ্যমন্ত্রী তথা প্রদেশ কংগ্রেছ মুৰব্বীৰ পৰা অপসাৰণ কৰাৰ পাছতে গেহলট চৰকাৰ আহি উপস্থিত হৈছে ৰেড জ’নত৷ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্রমাণৰ ক্ষেত্রত তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব গেহলট চৰকাৰ৷
মধ্যপ্রদেশত কংগ্রেছৰ হাই প্রফাইল নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপি গমনৰ তিনি মাহ পাছত ৰাজস্থানত শচীন পাইলট কংগ্রেছৰ পৰা এঘৰীয়া হোৱাৰ লগে লগে দেশৰ ৰাজনৈতিক সমীকৰণত আউল লাগিছে৷ লক্ষণীয়ভাৱে শচীন পাইলটে আজি উপ–মুখ্যমন্ত্রী তথা প্রদেশ কংগ্রেছৰ মুৰব্বী পদ হেৰুওৱাৰ পাছত ছ’চিয়েল মিডিয়া টুইটাৰযোগে ঘোষণা কৰিছে যে সত্যৰ ওপৰত আতিশয্য চলাব পাৰি, কিন্তু ইয়াক পৰাজিত কৰিব নোৱাৰি৷ এই বিপর্যয়ৰ সময়ত যিসকলে তেওঁক সমর্থন জনাই সাহস যোগাইছে তেওঁলোকক ধন্যবাদো জনাইছে পাইলটে৷ মুখ্যমন্ত্রী গেহলটে ৰাজস্থানত মধ্যপ্রদেশৰ পৰিস্থিতিৰ পুনৰাবৃত্তি নঘটে বুলি ঘোষণা কৰিছে যদিও এই বাতৰি যুগুতোৱা পৰলৈকে কংগ্রেছৰ পক্ষত আছে ১০০গৰাকী বিধায়কৰ সমর্থন৷ অর্থাৎ ২০০ আসনবিশিষ্ট বিধানসভাত সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিবলৈ গেহলটক প্রয়োজন এখন আসনৰ৷ আজি পুৱাৰ ভাগতে গেহলটৰ শিবিৰ ত্যাগ কৰিছে তিনিগৰাকী বিধায়কে৷ শচীন পাইলটৰ বিদ্রোহৰ পূর্বে কংগ্রেছৰ ১০৭গৰাকী বিধায়ক আছিল৷ ইয়াৰ উপৰি ১৩গৰাকী নির্দলীয় তথা ৫গৰাকী সৰু ৰাজনৈতিক দলৰ বিধায়কৰো সমর্থন আছিল চৰকাৰৰ পক্ষত৷ এতিয়া গেহলটৰ পক্ষত থকা কংগ্রেছ বিধায়কৰ সংখ্যা হৈছে ৯০গৰাকী৷
ইফালে, নির্দলীয় সাতগৰাকী বিধায়কৰ উপৰি সৰু ৰাজনৈতিক দলৰ তিনিগৰাকী বিধায়কৰ সমর্থন আছে গেহলটৰ পক্ষত৷ ইয়াৰ বিপৰীতে শচীন পাইলটৰ পক্ষত ১৭ কংগ্রেছ বিধায়কসহ মুঠ ২০গৰাকীৰ সমর্থন আছে৷ বিধানসভাত বিজেপি বিধায়কৰ সংখ্যা হৈছে ৭৩গৰাকী৷ গেহলট চৰকাৰৰ পতন ঘটাই বিজেপিয়ে ক্ষমতালৈ আহিবলৈ হ’লে প্রয়োজন আন ৩৫ বিধায়কৰ সমর্থন৷ কিন্তু এই মুহূর্তত বিজেপিৰ বাবেও সেয়া সম্ভৱ নহয়৷ গতিকে ৰাজস্থানত ৰাজনৈতিক অস্থিৰতা দীর্ঘদিনলৈ অব্যাহত থকাৰ আশংকাই দেখা দিছে৷ তিনি দিন ধৰি চলি থকা এই অস্থিৰতা সত্ত্বেও বিজেপি নেত্রী তথা প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজেই কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ নকৰা বিষয়টোৱে ৰাজনৈতিক মহলত বিশেষ চর্চা লাভ কৰিছে৷ ইফালে, কেইবাগৰাকীয়েও জ্যেষ্ঠ কংগ্রেছ নেতাই ৰাজস্থানৰ এই ৰাজনৈতিক অস্থিৰতাৰ মাজত শচীন পাইলটক দলৰ ৰাজ্যিক গোটৰ মুৰব্বী আৰু উপ–মুখ্যমন্ত্রী পদৰ পৰা অপসাৰণ কৰা ঘটনাক দুর্ভাগ্যজনক বুলি আখ্যা দিছে৷