নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত দ্রুত হাৰত বৃদ্ধি শিশুৰ অধিকাৰ উলংঘনৰ ঘটনা

বৃদ্ধি শিশুৰ অধিকাৰ উলংঘনৰ ঘটনা

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ বিশ্বৰ সংঘর্ষজর্জৰিত অঞ্চলত বিগত দশকটোত ১ লাখ ৭০ হাজাৰতকৈ অধিক ভয়াৱহ শিশু নির্যাতনৰ ঘটনা সংঘটিত হৈছে৷ ২০১০ চনৰ পৰা দশকটো আৰম্ভ হোৱাৰ পিছৰে পৰা শিশুৰ অধিকাৰ এনেদৰেই উলংঘা হোৱা বুলি ইউনিচেফৰ প্রতিবেদনত প্রকাশ পাইছে৷ উল্লেখনীয় যে প্রতিদিনেই ৪৫টাতকৈ অধিক ভয়াৱহ শিশু অধিকাৰ উলংঘাৰ ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে ইউনিচেফে৷ ইউনিচেফৰ কার্যবাহী সঞ্চালক হেনৰিয়েট্টা ফ’ৰে এক বিবৃতিত উল্লেখ কৰা অনুসৰি বিশ্বৰ যিবোৰ স্থানত সংঘর্ষ আৰু ৰক্তক্ষয়ী যুদ্ধৰ ঘটনা দীর্ঘস্থায়ী হৈছে, তাত অভাৱনীয়ভাৱে প্রাণ হেৰুৱাবলগীয়া হৈছে শিশু তথা কিশোৰসকলে৷ লক্ষণীয়ভাৱে কেইবাটাও আন্তর্জাতিক সংস্থাই বিগত দশকটো শিশুৰ অধিকাৰ উলংঘাৰ দশক বুলি অভিহিত কৰিছে৷