নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত NRC হ’বলৈ নিদিয়ে নীতিশ কুমাৰে

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৰূপায়ণৰ কথা ঘোষণা কৰিলেও বিজেপি নেতৃত্বাধীন এন ডি এৰ সিদ্ধান্তত মোক্ষম আঘাত হানি বিহাৰত এন আৰ চিৰ বিৰোধিতা কৰিছে মুখ্যমন্ত্রী নীতিশ কুমাৰে ৷ এন ডি এৰ অন্যতম সহযোগী জনতা দল ইউনাইটেডৰ মুৰব্বী তথা ৰাজ্যখনৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে নিজ দলৰ স্থিতি স্পষ্ট ৰূপত প্রকাশ কৰিছে ৷ নৰেন্দ্র মোদী চৰকাৰৰ বিতর্কিত ‘নাগৰিকত্ব’ৰ প্রসংগত এন ডি এৰ প্রধান সহযোগী জে ডি ইউৱে আজি প্রথম প্রতিক্রিয়া প্রকাশ কৰিলে ৷

ইয়াৰ আগতে যোৱা ১৪ ডিচেম্বৰত দলৰ উপ–সভাপতি তথা ইলেকচন ষ্টেটেজিষ্ট প্রশান্ত কিশোৰৰ সৈতে হোৱা বৈঠকত বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে মোদী চৰকাৰৰ এই সিদ্ধান্তৰ বিৰেধিতা কৰাৰ নিশ্চিতি দিছিল ৷ উল্লেখ্য যে প্রশান্ত কিশোৰে যোৱা বৃহস্পতিবাৰে এন আৰ চিৰ বিৰুদ্ধে টুইট কৰিছিল ৷ নাগৰিকত্ব সংশোধনী বিধেয়কক সমর্থন কৰাৰ বাবে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল আৰু বৃহস্পতিবাৰে নিশ্চিত কৰি তেওঁ কৈছিল যে তেওঁৰ মুখ্যমন্ত্রিত্বৰ কালত সংখ্যালঘু লোকসকলৰ কোনো অনিষ্ট নহয় ৷

জল জীৱন হাৰিয়ালি যাত্রা শীর্ষক এখন জনসভাত অংশ লৈ মুখ্যমন্ত্রীজনে কয়– সংখ্যালঘুৰ উন্নয়নৰ হকে আমি কৰি অহা কামবোৰ চাওক৷ আমাৰ আগৰ ক্ষমতাত থকা লোকসকলে জনগণক উচটনি দিয়াতহে ব্যস্ত হৈছিল ৷ সংখ্যালঘুসকল তেওঁলোকৰ শাসনকালত কি পাইছিল, আমাক জনোৱা উচিত৷ ইফালে আজি মুখ্যমন্ত্রী নীতিশ কুমাৰে ৰাজ্যখনত এন আৰ চি ৰূপায়ণ হ’বলৈ নিদিয়ে বুলি স্পষ্ট ইংগিত দিয়াত বিজেপি মিত্রজোঁটত বিপদৰ আগজাননী স্পষ্ট ৰূপত প্রতিফলিত হ’ল ৷ সমগ্র দেশতে নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিৰ বিৰোধিতাত প্রতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে সহযোগী জে ডি ইউৰ এই সিদ্ধান্ত তাৎপর্যপূর্ণ বিবেচিত হৈছে ৷ ইয়াৰ পূর্বে কালি ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়কেও ৰাজ্যখনত এন আৰ চিৰ বিৰোধিতা কৰিছিল ৷

You might also like