বিৰোধীয়ে CAA-NRCৰ সন্দৰ্ভত অধ্যয়ণ কৰা উচিতঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী মোদীৰ ধন্যবাদ ৰেলী
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ NRCক লৈ কংগ্ৰেছে মিছা মাতিছে। কংগ্ৰেছৰ দিনতেই NRC বনোৱা হৈছিল তেতিয়া তেওঁলোক নিদ্ৰাত আছিল নেকি বুলি প্ৰশ্ন বিৰোধীক। কংগ্ৰেছ আৰু নক্সালবাদীয়ে উৰাবাতৰি উলিয়াইছে যে সকলো মুছলমানক ডিটেনছন কেম্পলৈ পঠোৱা হ’ব। তেওঁলোকে CAA আৰু NRCৰ সন্দৰ্ভত অধ্যয়ণ কৰা উচিত। ভাৰতীয় মুছলমানসকলে CAA আৰু NRCক লৈ কোনো ধৰণৰ আশংকাত ভোগাৰ প্ৰয়োজন নাই। তেওঁলোকক কোনো কাৰণতে ডিটেনছন কেম্পলৈ পঠোৱা নহয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে CAA ভাৰতত থকা ১৩০কোটি জনতাৰ বাবে নহয়,লাগিলে তেওঁলোক হিন্দুৱেই হওঁক বা মুছলমান।