নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃদ্ধি কৰা হ’ল নেট পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ পৰীক্ষাৰ্থী সকলৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হৈছে নেট পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন । জানুৱাৰীৰ ৬ তাৰিখৰ নিশা ১১.৫০ বজালৈ পিছুৱাই দিয়া হৈছে ইয়াৰ সময়সীমা । প্ৰ-পত্ৰ পূৰণৰ বাবে ৱেবছাইটত দেখা দিয়া বিজুতিৰ বাবে ৰাষ্ট্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ তৰফৰ পৰা বৃদ্ধি কৰা হৈছে এই সময়সীমা ।

পূৰ্বৰ নিৰ্ধাৰিত তাৰিখ অনুযায়ীয়ে প্ৰ-পত্ৰ পুনৰীক্ষণ কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে । ১৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী পৰ্যন্ত চলি থাকিব এই অনলাইন পুনৰীক্ষণ । উল্লেখ্য যে, কাশ্মীৰ, লেহ আৰু কাৰ্গিলৰ পৰীক্ষাৰ্থীসকলে অফলাইনৰ জৰিয়তে পূৰ্বনিধাৰিত ন’ডেল কেন্দ্ৰত পূৰণ কৰিব পাৰিব প্ৰ-পত্ৰ ।

You might also like