নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিৰ উপগ্রহ ইউৰোপাৰ বক্ষত বিশাল জলভাণ্ডাৰ

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ বৃহস্পতিৰ উপগ্রহ ইউৰোপাত অধিক পানীৰ সন্ধান লাভ কৰিছে ‘নাছা’ৰ মহাকাশযানে৷ বৃহস্পতিৰ এই উপগ্রহত পৃথিৱীপৃষ্ঠতকৈও বেছি পানী থকা বুলি ইতিমধ্যে জ্যোতির্বিজ্ঞানীসকলে অনুমান কৰিছে৷ সম্প্রতি মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ মহাকাশযান জুনোৱে ইউৰোপাৰ ওচৰলৈ গতি কৰিছিল৷ পূর্বতকৈ বহু ওচৰৰ পৰা ইউৰোপাৰ ছবি তুলিবলৈ সক্ষম হয় এই মহাকাশযানখন৷ জুনোৱে প্রেৰণ কৰা ইউৰোপাৰ আলোকচিত্র লাভ কৰাৰ পিছতে জ্যোতির্বিজ্ঞানীসকলৰ্ মাজত বৃদ্ধি পাইছে কৌতূহল৷ জুনোৱে প্রেৰণ কৰা ছবিৰ পৰা ধাৰণা কৰা হৈছে যে ইউৰোপাৰ পৃষ্ঠত বৰফৰ আৱৰণৰ তলত আছে পানী৷ বৰফৰ ডাঠ আৱৰণৰ পৰা ৪ কিলোমিটাৰ ভিতৰতে বিশাল জলৰাশি থকা বুলি অনুমান কৰা হৈছে৷ বিজ্ঞানীসকলৰ মতে এই আৱৰণ ভেদ কৰি ৪ৰ পৰা ৮ কিলোমিটাৰ গ’লেই পৃথিৱীৰ দৰে পানী পোৱা যাব ইউৰোপাৰ পৃষ্ঠত৷ স্মর্তব্য যে ইউৰোপাৰ পৃষ্ঠৰ পৰা মাত্র ৪০০ কিলোমিটাৰ দূৰৈত গৈ উপস্থিত হৈছিল মহাকাশ জুনো৷ এই ৪০০ কিলোমিটাৰ নিলগৰ পৰাই জুনোৱে আলোকচিত্র সংগ্রহ কৰে বৃহস্পতিৰ উপগ্রহটোৰ৷ ইয়াৰ পূর্বে ইউৰোপাৰ ছবি ইমান ওচৰৰ পৰা সংগ্রহ কৰাটো সম্ভৱ হোৱা নাছিল৷ স্মর্তব্য যে ইউৰোপাক লৈ দীর্ঘদিন ধৰি বিভিন্ন গৱেষণা চলাই আহিছে জ্যোতির্বিজ্ঞানীসকলে৷ ইতিমধ্যে ইউৰোপা সন্দর্ভত লাভ কৰা সবিশেষ তথ্য তথা ইয়াক লৈ প্রতিবেদন প্লেনেটৰী ছায়েন্স জার্নালত প্রকাশ কৰা হৈছে৷ উল্লেখনীয় যে ইউৰোপাৰ বৰফীয় আচ্ছাদনৰ তলত যদি বিশাল জলাধাৰৰ অস্তিত্ব প্রমাণিত হয়, তেন্তে সেয়া হ’ব পৃথিৱীৰ বাহিৰত সহজলভ্য পানীৰ উৎস৷

You might also like