নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংক ৰ পৰা ঋণ লওঁক আৰু এন আৰ চিৰ পৰা ৰক্ষা পাওঁকঃ ৰাখী ছাৱন্ত

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ সমগ্ৰ দেশতে এন আৰ চি আৰু কা ক লৈ বিৰোধ প্ৰদৰ্শন অব্যাহত আছে। এতিয়ালৈকে বলিউদৰ কেইবাজনো তাৰকাই এই বিষয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়া এন আৰ চি আৰু কা ক লৈ ড্ৰামা কুইন খ্যাত ৰাখী ছাৱন্তে এটা ভিডিঅ শ্বেয়াৰ কৰিছে, যত এন আৰ চিৰ পৰা ৰক্ষা পোৱা সমাধান সূত্ৰ বিচাৰি উলিয়াইছে।
ৰাখীয়ে ছছিয়েল মিডিয়াত এটা ভিডিঅ শ্বেয়াৰ কৰিছে যত ৰাখীয়ে কৈছে মোৰ লগত এটা পৰামৰ্শ আছে যি সকল লোক এন আৰ চি আৰু কা ক লৈ ভয় খাইছে তেওঁলোকৰ বাবে। তেওঁলোকৰ পৰিয়ালৰ লোকে কোনো ধৰণৰ প্ৰমাণ পত্ৰ এৰি থৈ যোৱা নাই। আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোক ভাৰতৰ বেংকৰ পৰা এটা ডাঙৰ ঋণ লওঁক আৰু বেংকে আপোনালোকক প্ৰমাণ কৰি দিব যে আপুনি ভাৰতীয় হয়। কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই।
ৰাখীৰ উক্ত ভিডিঅটো ছছিয়েল মিডিয়াত খুব ভাইৰেল হৈছে ।

 

View this post on Instagram

 

Jaao lone lelo daro Matt NRC se?

A post shared by Rakhi Sawant (@rakhisawant2511) on

You might also like