নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনৰ নতুন প্রধানমন্ত্রী ভাৰতীয় মূলৰ ঋষি ছুনাক

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: ভাৰতীয় মূলৰ ঋষি ছুনাক গ্ৰেট ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত। কিছু সময়ৰ পিছতে ব্ৰিটেইনক সম্বোধন কৰিব ঋষি ছুনাকে। আনুষ্ঠানিক ঘোষণাৰ পিছত ২৮ অক্টোবৰত প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱণা আছে ঋষি ছুনাকৰ। ব্ৰিটেইনৰ কনজাৰ্ভেটিভ পাৰ্টীৰ নেতা ঋষি ছুনাক ব্ৰিটেইনৰ প্ৰথম হিন্দু আৰু কৃষ্ণাংগ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে।

উল্লেখ্য যে ৪৪ দিনতে গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী আৰু কনজাৰভেটিভ পার্টীৰ মুৰব্বীৰ পদ লিজ ট্রাছে এৰাৰ পিছতে পুনৰ ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনাকৰ নাম উক্ত পদবীৰ বাবে চর্চিত হৈছিল৷ ঋষি ছুনাকক পৰাজিত কৰি ব্রিটেইন আৰু কনজাৰভেটিভ পার্টীৰ মুৰব্বী হিচাপে নির্বাচিত হোৱা ট্রাছে পদত্যাগ কৰাৰ পিছত আজি ব্রিটেইনৰ পৰৱর্তী প্রধানমন্ত্রী হিচাপে ঋষি ছুনাক নিৰ্বাচিত হয়৷

You might also like