নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চভূতত বিলীন বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ নশ্বৰদেহ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: হেজাৰ হেজাৰ ভকত বৈষ্ণব আৰু গুণমুগ্ধক শোক সাগৰত পেলাই অবশেষত পঞ্চভূতত বিলীন হ’ল বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ পাৰ্থিব শৰীৰ ৷ আজি পুৱা বৰপেটা সত্ৰত আইসকল আৰু বাপুসকলৰ চৌধ্য প্ৰসংগৰ অন্তৰ্গত পুৱাৰ প্ৰসংগৰ পিচত নহাটীৰ বৰখাল বাছ আস্হানত ৰখা বুঢ়াসত্ৰীয়াৰ নশ্বৰদেহৰ সন্মুখত অসমৰ চৰকাৰৰ তৰফৰ পৰা ৰাজ্যিক মৰ্যদাৰে সন্মান প্ৰদৰ্শন কৰা হয় ৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বৰপেটাত উপস্হিত হৈ বুঢ়াসত্ৰীয়া গৰাকীৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বুঢ়াসত্ৰীয়াৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ গুৰু দুজনাৰ একান্ত অনুগামী, অসমীয়া লোক-সংস্কৃতিৰ অক্লান্ত সাধক, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মহাপ্ৰস্থানে অসমীয়া সমাজ জীৱনত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে। আজিৰ মূহূৰ্তত অসমৰ ৰাইজ শোকস্তব্ধ ৷ শংকৰদেৱ বঁটা বিজয়ী অসমৰ সত্ৰীয়া সংস্কৃতিৰ সাধক,আমাৰ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া দেৱ শৰ্মাৰ মহাপ্ৰয়াণত অসমৰ ৰাইজ আজি শোকস্তব্ধ হৈ আছে ৷ আজিৰ এই সময়চোৱাত পুণৰ এবাৰ সমূহ ৰাইজৰ শোকৰ লগত সমভাগী হৈছো ৷ তেখেতে যাতে সদায় অসমবাসীক আশীৰ্বাদ দি থাকে,তাৰ বাবে কামনা কৰিছোঁ ৷

ইয়াৰ পিচতে গায়ন বায়ন নাম কীৰ্তনীয়া সমন্বিতে হেজাৰ বিজাৰ লোকে বুঢ়াসত্ৰীয়াগৰাকীৰ নশ্বৰদেহ কঢ়িয়াই আনি প্ৰথমে দালানৰ সন্মুখত উপস্হিতি কৰায় আৰু দালানৰ সন্মুখত ৰাখি বৰপেটা সত্ৰৰ হৈ ডেকা সত্ৰীয়া গৌতম পাঠক, মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ হৈ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী, ভোগপুৰ সত্ৰ, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰে মালা নিৰ্মালী প্ৰদান কৰে ৷ মালা নিৰ্মালী প্ৰদানৰ পিচত উত্তৰ হাটী দক্ষিণহাটী,আৰু নহাটী বাটচৰাৰ মাজেৰে নাম কীৰ্তন কৰি পৰিভ্ৰমণ কৰা হয় ৷ তাৰ পিচত বৰপেটা সত্ৰৰ মুল কীৰ্তন ঘৰৰ চাৰিওফালে তিনিপাক প্ৰদক্ষিণ কৰি পুণৰ সত্ৰ চৌহদৰ পৰা দালানেৰে উলিয়াই আনি দক্ষিণহাটীৰ বাটচৰাৰে খটখটীৰ পাৰলৈ লৈ যোৱা হয় আৰু সত্ৰ চৌহদৰ পূৱফালে থকা হাৰিজানৰ খটখটীৰ পাৰত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

ইছলাম ধৰ্মাৱলম্বী লোকৰ চন্দন কাঠ প্ৰদানঃ

সত্ৰনগৰী বৰপেটাত দেখা পোৱা গল এক সম্প্ৰীতিৰ নিদৰ্শন । বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মহাপ্ৰয়াণত জাতি ধৰ্ম নিৰ্বিশেষে ইছলাম ধৰ্মাৱলম্বী মুছলমান লোকসকলেও বুঢ়া সত্ৰীয়াগৰাকীৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰে ৷ ইয়াৰ উপৰিও বৰপেটা ঢাকালীয়াপাৰাৰ ফৰহাদ আলী নামৰ এজন ইছলাম ধৰ্মাৱলম্বীলোকে বুঢ়াসত্ৰীয়াৰ অন্তেষ্টিক্ৰিয়াৰ বাবে এজোপা বগা চন্দন গছৰ টুকুৰা আগবঢ়ায় ৷ এই চন্দন গছৰ কাঠেৰে তেখেতৰ শেষকৃত সম্পন্ন কৰা হয় ৷

You might also like