নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাইৰাছৰ আতংক, চীনক সহায়ৰ প্রস্তাৱ ভাৰতৰ

সমবেদনা জ্ঞাপন কৰি ৰাষ্ট্রপতি জিনপিঙলৈ পত্র মোদীৰ

নিয়মীয়া বাৰ্তা, ১০ ফেব্রুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছে চীনত আতংকৰ সৃষ্টি কৰাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেওবাৰে চুবুৰীয়া ৰাষ্ট্রখনক সম্পূর্ণৰূপে সহায়–সহযোগিতা আগবঢ়োৱাৰ প্রস্তাৱ দিয়ে ৷ চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙলৈ প্রেৰণ কৰা এক পত্রত প্রধানমন্ত্রী মোদীয়ে ভাইৰাছত প্রাণ যোৱা লোকসকলৰ প্রতি সমবেদনা জ্ঞাপন কৰাৰ লগতে এই মাৰাত্মক ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্রত চীনক সকলো ধৰণে সহায়–সহযোগ কৰিবলৈ ভাৰত আগ্রহী বুলি উল্লেখ কৰে ৷ মন কৰিবলগীয়া যে চীনৰ হুবেই প্রদেশত আৰম্ভ হোৱা ক’ৰোনা ভাইৰাছ শেহতীয়াকৈ ভাৰতকে ধৰি বিশ্বৰ প্রায় ২৫খন দেশলৈ সম্প্রসাৰিত হোৱাত বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক গোলকীয় জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে ৷ ইফালে, ক’ৰোনা ভাইৰাছে বিভীষিকাৰ সৃষ্টি কৰা হুবেই প্রদেশৰ পৰা ৬৫০গৰাকী ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি স্বদেশলৈ প্রেৰণৰ বাবে চীনৰ ৰাষ্ট্রপতি জিনপিঙক প্রধানমন্ত্রী মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে ৷

You might also like