নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ: নিজৰ দেশ চীনত নহয়, ভাৰতত মৃত্যুবৰণ কৰিব বিচাৰে দালাই লামাই৷ আজি এই কথা ঘোষণা কৰিছে তিব্বতী ধর্মগুৰুজনে৷ দালাই লামাৰ মতে, চীনত আন্তৰিকতা নাই, সকলো কৃত্রিমতাৰে ভৰা৷ ধৰমশালাত দালাই লামাৰ বাসগৃহত তৰুণসকলৰ বাবে দুদিন ধৰি এক আলোচনা সভা আয়োজিত হৈছিল৷ আমেৰিকাৰ এটি সংস্থাৰ দ্বাৰা আয়োজিত এই আলোচনা সভাত দালাই লামাৰ মুখত শুনিবলৈ পোৱা গ’ল পুনৰ ভাৰত বন্দনা৷ উল্লেখনীয় যে দেশৰ প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙক এসময়ত নিজৰ ইচ্ছাৰ কথা ব্যক্ত কৰিছিল দালাই লামাই৷ সেই কথা পুনৰ উল্লেখ কৰি দালাই লামাই কয় যে স্বাধীন, গণতান্ত্রিক, মুক্তভাৱে ভাৰতৰ ভূমিত তেওঁ প্রাণত্যাগ কৰিব বিচাৰে৷