নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত এদিনতে ১৭১৭ ব্যক্তি ক’ৰোনাত আক্রান্তঃ মৃত্যু ৭২

নিয়মীয়া বাৰ্তা, ১ মেঃ দেশত দ্বিতীয় পর্যায়ৰ লকডাউনৰ সমাপ্তি ঘটিবলৈ মাত্র ৩ দিন বাকী থকা অৱস্থাত ক’ৰোনাত আক্রান্ত ৰোগীৰ সংখ্যা প্রতিদিনে সহস্রাধিকলৈ বৃদ্ধি পাইছে ৷ যোৱা মঙলবাৰে ভাৰতত সহস্রাধিক লোক ক’ৰোনাত আক্রান্ত হোৱাৰ লগতে প্রাণ গৈছিল ৭৩জনৰ ৷ আনহাতে, যোৱা ২৪ ঘণ্টাতো দেশত ১৭১৮টা ক’ৰোনা ভাইৰাছ কেছ পোহৰলৈ অহাৰ লগতে দিনটোত প্রাণ হেৰুৱাইছিল ৬৭ ৰোগীয়ে ৷ এই বর্ধিত সংখ্যাই দেশত ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে ৷ বৃহস্পতিবাৰেও শেহতীয়া তথ্য অনুসৰি ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা ৩৪,৭৮০জন হৈছেগৈ ৷ আক্রান্ত হৈছে ১,৭১৭জন লোক ৷ আনহাতে ৭২জনকৈ লোকৰ মৃত্যুৰ পিছত মুঠ মৃতকৰ সংখ্যা বৃদ্ধি পালে ১১৫১জনলৈ ৷ ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্রত আক্রান্তৰ সংখ্যাই ১০ সহস্রাধিক অতিক্রম কৰিলে ৷ দিনটোত আক্রান্ত হৈছে ৫৮৩জন৷ গুজৰাটত ৪,৩৯৫জন, দিল্লীত ৩,৪৩৯জন, ৰাজস্থানত ২,৫৮২জন, মধ্যপ্রদেশত ২,৬২৫জন, তামিলনাডুত ২,৩২৩জন, উত্তৰ প্রদেশত ২,২১১জন লোক আক্রান্ত হৈছে ৷ আনহাতে, শেহতীয়া তথ্য মতে মহাৰাষ্ট্রত ৪৫৯জন, গুজৰাটত ২১৪জন, মধ্যপ্রদেশত ১৩৭জন লোকৰ এই মহামাৰীত প্রাণ গৈছে ৷

You might also like