নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ আতংক অব্যাহত থকাৰ মাজতে ভাৰততো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা । এই সময়ছোৱাতে পুনেস্থিত এটা কোম্পানীয়ে তৈয়াৰ কৰি উলিয়াইছে দেশৰ প্ৰথমটো থলুৱাভাৱে প্ৰস্তুত কৰা ক’ভিড ১৯ৰ টেষ্টিং কিট । ইতিমধ্যে এই টেষ্টিং কিটটোক স্বীকৃতি প্ৰদান কৰিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিৰ্চাছে ।
‘থলুৱা ক’ভিড ১৯ টেষ্টিং কিটটো আইচিএমআৰে স্বীকৃতি প্ৰদান কৰিছে আৰু এটা কিটৰ খৰচ হৈছে ৮০,০০০ টকা ।’ – সংবাদমাধ্যমৰ আগত এইদৰে উল্লেখ কৰে বিশেষ নিৰ্মাণকাৰী প্ৰতিষ্ঠান মাইলেব ডেস্কভাৰী চ’লুছনছ প্ৰাইভেট লিমিটেডৰ এগৰাকীক কৰ্মকৰ্তাই । লগতে তেওঁ এইটোও উল্লেখ কৰে যে ইয়াৰ এটা কিটৰ সহায়ত পৰীক্ষা কৰিব পৰা হ’ব ১০০ জন ৰোগীক ।
লগতে তেওঁ উল্লেখ কৰে যে, প্ৰতি সপ্তাহত ১ ৰ পৰা ১.৫ লাখ পৰ্যন্ত মাস্ক উৎপাদনৰ ক্ষমতাও আছে কোম্পানীটোৰ । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিৰ্চাছৰ তথ্য অনুসৰি দেশত ক’ভিড ১৯ পৰীক্ষা কৰাৰ বাবে ১১৮ টা পৰীক্ষাগাৰ সাজু হৈ আছে ।