নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ১৫,০০০ ৰ অতিক্ৰম; মৃত্যু ৫০৭

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । দেওবাৰে দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে ভাৰতত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ১৫,৭১২ লৈ বৃদ্ধি পাইছে । য’ত ১২,৯৭৪ টা ঘটনা সক্ৰিয় আৰু ২,২৩১ জন লোকক হাস্পতালৰ পৰা যাব দিয়া হৈছে, অথবা কোৱাৰেণ্টাইন কৰা হৈছে । যাৰ ভিতৰত এই পৰ্যন্ত মৃত্যু ঘটিছে ৫০৭ জন লোকৰ ।

উল্লেখ্য যে ভাৰতৰ সৰ্বাধিক ৩,৬৫১ জন লোক আক্ৰান্ত হৈছে ক’ভিড-১৯ ত । যাৰ ভিতৰত ২১১ জন লোকৰ মৃত্যু ঘটিছে ।

ইপিনে ইয়াৰ পাছতে দিল্লীত ১,৮৯৩ জন লোক আৰু তামিলনাডুত ১৩৭২ জন লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱা বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।

You might also like