নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ সমগ্ৰ বিশ্বত ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছে শেহতীয়াকৈ ভাৰততো সংহাৰী ৰূপ ধাৰণ কৰিছে । ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা । বুধবাৰে পুৱা পৰ্যন্ত দেশত ক’ৰোনাত আক্ৰান্ত হৈছে ১১,৪৮৭ জন লোক । আনহাতে মৃত্যু ঘটিছে ৩৯৩ জন লোকৰ ।
উল্লেখ্য যে অসমত আজি পৰ্যন্ত আক্ৰান্ত লোকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পাইছে ।