নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি ভয়াৱহ ৰূপত সংক্ৰমণ ঘটিছে ক’ভিড-১৯ ৰ । বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে এই মাৰাত্মক ভাইৰাছক মহামাৰীৰ আখ্যা দিছে ।
ইপিনে আমাৰ দেশ ভাৰত বৰ্ষতো ইয়াৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও নতুনকৈ ১৪ টা পজিটিভ ঘটনা হোপৰলৈ অহাৰ পাছত আজিপৰ্যন্ত ভাৰতত মাৰাত্মক ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১০৭ জনলৈ বৃদ্ধি পাইছে ।
আনহাতে এই ভাইৰাছক ভাৰতত ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰি ইয়াৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হোৱা পৰিয়াললৈ ৪ লাখকৈ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।