নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যাই অতিক্রম কৰিলে ২১ হাজাৰ

নিয়মীয়া বাৰ্তা, ৯ জুলাই: ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ তাণ্ডৱ অব্যাহত আছে পৃথিৱীজুৰি৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ বিশ্বজুৰি ১,২০,৩৫,৬৬১গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইফালে প্রাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৫,৪৮,৪৩৪গৰাকীলৈ৷ আমেৰিকাত ক’ভিড মহামাৰীৰ সংক্রমণৰ গতি অধিক দ্রুততৰ হৈ পৰিছে৷ দেশখনত বিগত ২৪ ঘণ্টাত অভিলেখসংখ্যক ৬০ সহস্রাধিক লোক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে৷ দেশখনৰ কেলিফর্নিয়া আৰু টেক্সাছ প্রদেশত প্রতিদিনে গড়ে ১০ হাজাৰকৈ লোক নতুনকৈ ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে৷

উল্লেখনীয় যে আমেৰিকাত মুঠ ৩১,১৭,৫৫৯গৰাকী লোক এই ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হৈছে৷ দেশখনত ভাইৰাছবিধত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১,৩৪,১৬৬লৈ বৃদ্ধি পাইছে৷ ইফালে ভাৰতত বিগত ২৪ ঘণ্টাত ২০ সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ দেশখনত আক্রান্ত লোকৰ সংখ্যা ৭,৬৩,৭৮২লৈ বৃদ্ধি পাইছে৷ মৃত্যু হৈছে ২১,০৭৯গৰাকীৰ৷ ইফালে ৰাছিয়াত আক্রান্তৰ সংখ্যাই অতিক্রম কৰিছে ৭ লাখ৷ দেশখনত মুঠ আক্রান্ত লোকৰ সংখ্যা হৈছে ৭,০০,৭৯২গৰাকী৷ ইফালে ৰাছিয়াত ক’ভিড–১৯ত প্রাণ হেৰুৱাইছে ১০,৬৬৭গৰাকী লোকে৷

You might also like